NORTHEAST NOW (Assamese)
Popular Stories

নতুন বছৰৰ প্ৰথম দিনটোৰ পৰা দাম বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 1, 2020 4:24 pm
Gas-cylinder-book-can-also-be-done-by-Facebook-and-Twitter-2

নতুন বছৰৰ প্ৰথম দিনটোটে ৰাইজৰ ওপৰত ৰাম টাঙোন সোধাই পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দৰ। ৰাজসাহায্য বিহীন চিলিণ্ডাৰৰ ক্ষেত্ৰত এই মূল্যবৃদ্ধি প্ৰযোজ্য হ’ব।

আজিৰ পৰা ৰাজসাহায্য বিহীন এল পি জি চিলিণ্ডাৰত ১৯ টকাকৈ দাম বঢ়োৱা হয়। সেই অনুসৰি গুৱাহাটীত ৰাজসাহায্যবিহীন প্ৰতিটো ১৪.২ কিলোগ্ৰমামৰ চিলিণ্ডাৰৰ দাম ৭৪৪.৫০ টকালৈ বৃদ্ধি হৈছে।

এইবাৰৰ সৈতে একেৰাহে চতুৰ্থ বাৰৰ কাৰণে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পায়। অক্টোবৰ মাহত গুৱাহাটীত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দৰ আছিল ৬৪৮টকা, পিছত দাম বৃদ্ধি পাই হ’লগৈ ৭২৪টকা।

সামগ্ৰিকভাৱে সামগ্ৰীৰ দাম বজাৰত বৃদ্ধিৰ সমান্তৰালভাৱে অত্যাৱশ্যকীয় ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দৰ বৃদ্ধি স্বাভাৱিকতে মধ্যবিত্তৰ বাবে চিন্তাজনক।

কেন্দ্ৰীয় চৰকাৰে ১৪.২ কেজি ওজনৰ ১২ টা চিলিণ্ডাৰত ৰাজসাহায্য প্ৰদান কৰে। ১২ টা চিলিণ্ডাৰৰ পাছত কোনো ৰাজসাহায্য নাথাকে।