NORTHEAST NOW (Assamese)
অসম

মধ্যবিত্তৰ মূৰত ৰাম টাঙোন; পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 1, 2019 1:18 pm
16_03_2019-18_gas_sub_19050405-1140x570-1024x512

উৎসৱৰ বতৰ শেষ হ’বলৈ এতিয়াও বাকী আৰু শীতকাল আহি প্ৰায় দুৱাৰমুখ পালেহি। আৰ্থিক জটিলতাৰ মাজতে ৰাইজৰ মাজত ৰাম টাঙোন সোধাই পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দৰ।

শুকুৰবাৰৰ পৰাই কাৰ্যকৰী হোৱাকৈ ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পালে ৭৬টকা।

অক্টোবৰ মাহত গুৱাহাটীত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দৰ আছিল ৬৪৮টকা। সেই অনুসৰি ইয়াৰ দৰ হ’ব ৭২৪টকা।

সামগ্ৰিকভাৱে সামগ্ৰীৰ দাম বজাৰত বৃদ্ধিৰ সমান্তৰালভাৱে অত্যাৱশ্যকীয় ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দৰ বৃদ্ধি স্বাভাৱিকতে মধ্যবিত্তৰ বাবে চিন্তাজনক।

কেন্দ্ৰীয় চৰকাৰে ১৪.২ কেজি ওজনৰ ১২ টা চিলিণ্ডাৰত ৰাজসাহায্য প্ৰদান কৰে। গ্ৰাহকে ৰাজসাহায্যবিহীন দৰতে চিলিণ্ডাৰ ক্ৰয় কৰে। তাৰ পাছত ৰাজসাহায্যৰ ধন বেংক একাউন্টত জমা হয়।

১২ টা চিলিণ্ডাৰৰ পাছত কোনো ৰাজসাহায্য নাথাকে। এতিয়া ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দৰ নৱেম্বৰৰ পৰা ৭৬টকা বৃদ্ধি পালে।

ৰাজসাহায্য লাভ কৰা গ্ৰাহকসকলে চিলিণ্ডাৰ ক্ৰয় কৰিলে কিমান টকা ৰাজসাহায্য পাব সেই বিষয়ে অৱশ্যে জানিব পৰা হোৱা নাই।