NORTHEAST NOW (Assamese)

চিলিণ্ডাৰৰ বাবে হাহাকাৰ: দীঘলীয়া শাৰীত ৰৈ প্ৰাণ হেৰুৱালে বৃদ্ধই

March 13, 2026 6:37 pm · এন ই নাও নিউজ, গুৱাহাটী

দেশৰ বিভিন্ন প্ৰান্তত এতিয়া এল পি জি চিলিণ্ডাৰৰ নাটনিয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। গেছ চিলিণ্ডাৰৰ বাবে দীঘলীয়া শাৰীত ৰৈ থকাৰ সময়তে পঞ্জাৱৰ ছেহনা গাঁৱত এজন ব্যক্তিৰ অকাল বিয়োগ ঘটিছে। পুৱা প্ৰায় পাঁচ বজাৰ পৰা চিলিণ্ডাৰৰ বাবে শাৰী পাতি ৰৈ থকা ভূষণ কুমাৰ নামৰ ব্যক্তিজন পুৱা প্ৰায় আঠ বজাৰ কিছু সময়ৰ পূৰ্বে হঠাতে ঢলি পৰে আৰু চিকিৎসালয়লৈ নিয়াৰ পথতে তেওঁৰ মৃত্যু হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

কেন্দ্ৰীয় চৰকাৰে এল পি জিৰ কোনো অভাৱ নাই বুলি দাবী কৰি আহিলেও বাস্তৱ ছবিখন একেবাৰে বেলেগ। ইজৰাইল আৰু আমেৰিকাৰ মাজত চলি থকা যুদ্ধৰ ফলত হৰমুজ জলদ্বীপৰ পৰিবহন ব্যাহত হৈছে, যাৰ প্ৰত্যক্ষ প্ৰভাৱ দেশৰ গেছ যোগানৰ ওপৰত পৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে গ্ৰাম্য অঞ্চলত এল পি জি বুকিং কৰাৰ সময়সীমা ২৫ দিনৰ পৰা বৃদ্ধি কৰি ৪৫ দিনলৈ নিৰ্ধাৰণ কৰিছে। চৰকাৰী তথ্য অনুসৰি, স্বাভাৱিক অৱস্থাত দৈনিক ৬০ লাখ চিলিণ্ডাৰ বুকিং হয় যদিও বৰ্তমান এই সংখ্যা ৮০ লাখলৈ বৃদ্ধি পাইছে, যি গ্ৰাহকৰ মাজত সৃষ্টি হোৱা আতংকৰ ছবিখন স্পষ্ট কৰিছে।

ৰাজধানী দিল্লীৰ লগতে পশ্চিমবংগৰ বিভিন্ন স্থানত গেছ বিতৰণ কেন্দ্ৰসমূহৰ সন্মুখত গ্ৰাহকৰ ভিৰ প্ৰতিদিনাই বাঢ়িছে। বহু ঠাইত গেছ বুকিং কৰিবলৈ ফোন কৰিলে সংযোগ পোৱা যোৱা নাই বুলিও অভিযোগ উঠিছে। এনে পৰিস্থিতিত ৰেষ্টুৰেণ্ট আৰু হোটেলসমূহক সাময়িকভাৱে বিকল্প হিচাপে কেৰাচিন, কয়লা আৰু জৈৱ ইন্ধন ব্যৱহাৰ কৰিবলৈ চৰকাৰে অনুমতি প্ৰদান কৰিছে। মুম্বাইৰ বহু হোটেল মালিকৰ মতে, গেছৰ অভাৱৰ বাবে তেওঁলোকে ব্যৱসায় বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

পেট্ৰলিয়াম মন্ত্ৰালয়ৰ বিষয়াৰ মতে এয়া এক অভূতপূৰ্ব সংকট। অৱশ্যে চৰকাৰে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কেৰাচিনৰ আবণ্টন বৃদ্ধি কৰাৰ লগতে শোধনাগাৰসমূহক অধিক পৰিমাণে এল পি জি উৎপাদন কৰিবলৈ নিৰ্দেশ দিছে। জনসাধাৰণৰ মাজত দেখা দিয়া এই আতংকিত বুকিং বন্ধ হ’লেহে পৰিস্থিতি স্বাভাৱিক হ’ব বুলি চৰকাৰী পক্ষই বাৰে বাৰে আহ্বান জনাইছে। বৰ্তমান সময়ত দেশৰ সাধাৰণ মানুহে কেৱল ৰন্ধন গেছৰ বাবে যি হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে, সেয়া অতি উদ্বেগজনক হৈ পৰিছে।

Related News