NORTHEAST NOW (Assamese)
অসম

আগন্তুক লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিত কংগ্ৰেছ দলত দেখা যাব নতুন মুখৰ প্ৰাৰ্থী

Posted by: পাৰ্শ্বজ্যোতি গগৈ February 15, 2019 10:38 pm

ৰাজ্যৰ ১৩ টা সমষ্টিৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনত ১২ নং যোৰহাট লোকসভা সমষ্টিৰ পৰাও কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ উদ্দেশ্যে আজি ৭গৰাকী প্ৰাৰ্থীয়ে আবেদন দাখিল কৰে। লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আবেদন পত্ৰ দাখিলৰ আজি অন্তিম দিন ধাৰ্য কৰিছিল।

উল্লেখযোগ্য যে এইবাৰ যোৰহাট লোকসভা সমষ্টিত নতুন মুখৰ প্ৰাৰ্থী দেখিবলৈ পোৱা যাব। কংগ্ৰেছৰ দুৰ্গ হিচাপে থকা যোৰহাট লোকসভা সমষ্টিটো যোৱা ২০১৪ৰ লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে বিজেপিৰ হাতলৈ যায়।

সমষ্টিটোৰ পৰা এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আবেদন কৰা প্ৰাৰ্থী ৭জনৰ ভিতৰত এগৰাকী হ’ল প্ৰয়াত কেন্দ্ৰীয় মন্ত্ৰী বিজয় কৃষ্ণ সন্দিকৈৰ কন্যা গায়ত্ৰী সন্দিকৈ, পিতৃৰ মৃত্যুৰ পিছৰ পৰাই সক্ৰিয় ৰাজনীতিত অংশ লৈ সমষ্টিটোত বিভিন্ন জনকল্যাণমূলক কাম-কাজ কৰি আহিছে গায়ত্ৰী সন্দিকৈয়ে।

একেদৰে বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ, প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰণৱ গগৈৰ জ্যেষ্ঠ পুত্ৰ মঞ্জীৰ গগৈয়ে আজি আবেদন দাখিল কৰিছে। বৰ্তমান তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছে।

আনহাতে থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঁই আৰু যুৱ নেতা শুভমিত্ৰ গগৈয়ে আবেদন কৰিছে। শুভমিত্ৰ গগৈ এন এছ ইউ আইৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সম্পাদকৰ উপৰিও ক্ৰমাগত দুটা কাৰ্যকালৰ বাবে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্বত আছিল। বৰ্তমান তেওঁ ৰাজীৱ গান্ধী পঞ্চায়তীৰাজ সংগঠনৰ ৰাষ্ট্ৰীয় আহ্বায়ক হিচাপে কাৰ্যানিৰ্বাহক কৰি আছে।

ইয়াৰোপৰি নিভা কোঁৱৰ, পল্লৱী গগৈ আৰু বলীন সন্দিকৈয়েও প্ৰাৰ্থিত্বৰ বাবে আবেদন আগবঢ়ায়।

অৱশ্যে ১২ নং যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছৰ হৈ কোনে প্ৰাৰ্থিত্ব লাভ কৰিব সেইয়া আগন্তুক সময়ত দলৰ হাইকামাণ্ডে বিচাৰ কৰিব।