NORTHEAST NOW (Assamese)
অসম

প্রদান বৰুৱাৰ হৈ লখিমপুৰ আৰু নাওবৈচাত মন্ত্ৰী হিমন্তৰ নিৰ্বাচনী প্ৰচাৰ

Posted by: ফাৰহানা আহমেদ April 1, 2019 6:17 pm
himanta biswa

আগন্তুক লোকসভা নিৰ্বাচনত লখিমপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়োৱা বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে আজি উত্তৰ লখিমপুৰ আৰু নাওবৈচাত দুখনকৈ নিৰ্বাচনী সভাত ভাগ লয় ৰাজ্যৰ বিত্ত মন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত মন্ত্ৰী বিশ্ব শৰ্মাই।

নাওবৈচাত অনুষ্ঠিত প্ৰথমখন নিৰ্বাচনী সভাত উপস্থিত জনসমাৱেশক উদ্দেশ্যি মন্ত্ৰী গৰাকীয়ে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰৰ বিজেপি চৰকাৰক পুনৰবাৰ শাসনৰ গাদীত বহুৱাবলৈ আহ্বান জনায়।

পূৰ্বৰ কংগ্ৰেছ চৰকাৰে দেশৰ জনসাধাৰণৰ আশা-আকাংক্ষাক বাস্তৱত পৰিণত কৰাত বিফল হোৱা বুলি উল্লেখ কৰি তেওঁ বৰ্তমানৰ বিজেপি চৰকাৰে হাতত লোৱা একাধিক ‘জনকল্যাণমূলক আঁচনি’ সম্পৰ্কে বাখ্যা আগবঢ়ায়। ভাষণ প্ৰসংগত তেওঁ নাওবৈচাৰ আদি এলেঙী সত্ৰত চলি থকা বেদখলৰ প্ৰসংগ উত্থাপন কৰে।

ইয়াৰ পিছতেই উত্তৰ লখিমপুৰত অনুষ্ঠিত এখন বিশাল জনসমাৱেশক উদ্দেশ্যি মন্ত্ৰী শৰ্মাই সমষ্টিটোৰ বৰ্তমানৰ সাংসদ প্ৰদান বৰুৱাৰ দুবছৰীয়া কাৰ্যকালত সমষ্টিটোৰ যথেষ্ট উন্নয়ন হৈছে বুলি উল্লেখ কৰি পুনৰ তেওঁক জয়ী কৰিবলৈ আহ্বান জনায়। উক্ত নিৰ্বাচনী সভাতে মন্ত্ৰী গৰাকীয়ে উত্তৰ-লখিমপুৰৰ ৰঙানদী নৈৰ ওপৰত আৰু এখন দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে।