NORTHEAST NOW (Assamese)

প্ৰথম অসমীয়া হিচাপে সেনা বাহিনীৰ ‘ক’ৰ্পছ কমাণ্ডাৰ’ পদত অধিষ্ঠিত ৰাণা প্ৰতাপ কলিতা

February 9, 2020 6:37 pm · এন ই নাও নিউজ
Updated: February 9, 2020 6:39 pm
লেঃ জেঃ ৰাণা প্ৰতাপ কলিতা

অসম সন্তান লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই নাগালেণ্ডৰ ডিমাপুৰস্থিত ৩নং ক’ৰ্পছৰ জেনেৰেল অফিচাৰ কমাণ্ডিং (জি অ’ চি) হিচাপে যোগদান কৰিছে।

কলিতা ক’ৰ্পছ কমাণ্ডাৰ হিচাপে নিযুক্তি লাভ কৰা প্ৰথমগৰাকী অসমীয়া আৰু উত্তৰ-পূবৰ দ্বিতীয়গৰাকী সেনা বিষয়া।

তেওঁৰ পূৰ্বে এই পদত বহা উত্তৰ-পূবৰ প্ৰথমগৰাকী সেনা বিষয়া আছিল মণিপুৰৰ অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল কে এইচ সিং। দুয়োগৰাকীয়ে গোৱালপাৰাৰ সৈনিক স্কুলৰ প্ৰাক্তন ছাত্ৰ।

উল্লেখযোগ্য যে ৰঙিয়াৰ প্ৰয়াত শিক্ষক যোগেন কলিতা আৰু ৰেনু কলিতাৰ সন্তান ৰাণা প্ৰতাপ কলিতাই প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অন্তিম সংস্কাৰ যাত্ৰাৰ সমন্বয়ক হিচাপে দায়িত্ব পালন কৰিছিল।

১৯৮৪ চনত ভাৰতীয় সেনাৰ কুমাও ৰেজিমেণ্টৰ কমিশ্যন বিষয়া হিচাপে যোগদান কৰি ৰাণা প্ৰতাপ কলিতাই কাশ্মীৰত ১৩ ৰাষ্ট্ৰীয় ৰাইফলছ, লক্ষ্ণৌত ৭১ ইনফেণ্ট্ৰি ব্ৰিগেড আৰু কাশ্মীৰৰ বাৰামুলাৰ এল অ’ চিত ১৯ ইনফেণ্ট্ৰি ডিভিজনকো নেতৃত্ব দিয়াৰ কৃতিত্ব বহন কৰিছে।

ভাৰতীয় সেনাৰ ‘অতি বিশিষ্ট সেৱা মেডেল’ প্ৰাপ্ত কলিতাই নতুন পদত দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে সেনা বাহিনীৰ কলকাতাৰ ফৰ্ট উইলিয়ামৰ ইষ্টাৰ্ণ কামাণ্ডৰ চীফ অৱ ষ্টাফ (চি অ’ এছ) হিচাপে দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰিছিল।

Related News