NORTHEAST NOW (Assamese)
অসম

বিবাহৰ প্ৰতিশ্ৰুতি দি নাৰ্চিং ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ চিকিৎসকৰ বিৰুদ্ধে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 2, 2026 8:37 am

বিবাহৰ প্ৰতিশ্ৰুতি দি নাৰ্চিং ছাত্ৰী এগৰাকীক ধৰ্ষণৰ অভিযোগ উঠিছে। চৰকাৰী চিকিৎসালয়ৰ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। লক্ষ্ণৌৰ কিং জৰ্জ’ছ মেডিকেল ইউনিভাৰ্ছিটিৰ সৈতে জড়িত এই ঘটনা।

এই সন্দৰ্ভত ছাত্ৰীগৰাকীয়ে এজাহাৰ দাখিল কৰিছে। ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছে ইন্টাৰ্ণ চিকিৎসকগৰাকী।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, নাৰ্চিং ছাত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিত লক্ষ্ণৌৰ কাইজাৰবাগ থানাত এফআইআৰ দাখিল কৰা হৈছে। বিবাহৰ অজুহাতত চিকিৎসকগৰাকীয়ে তেওঁৰ সৈতে কেইবাবাৰো শাৰীৰিক সম্পৰ্ক ৰখাৰ অভিযোগ উত্থাপন কৰে ছাত্ৰীগৰাকীয়ে। আনকি চিকিৎসকগৰাকীয়ে তেওঁৰ ব্যক্তিগত তথ্য সকলোকে প্ৰকাশ কৰাৰ ভাবুকিও দিছিল।

নাৰ্চিং ছাত্ৰীগৰাকীয়ে অভিযোগ কৰে যে চিকিৎসকগৰাকীয়ে তেওঁক বিয়া কৰাব বুলি প্ৰতিশ্ৰুতি দিছিল। তেওঁ  চিকিৎসকগৰাকীক আনুষ্ঠানিকভাৱে বিয়া কৰাবলৈ কৈছিল। এই বিবাহৰ বাবে হেঁচা দিয়াত চিকিৎসকগৰাকীয়ে তেনে কৰিবলৈ অস্বীকাৰ কৰে। আনকি ছ’চিয়েল মিডিয়াত তেওঁৰ বিভিন্ন ছবি প্ৰকাশ কৰাৰ ভাবুকিও দিয়ে।

বৃহস্পতিবাৰে লক্ষ্ণৌৰ উপ আৰক্ষী আয়ুক্ত বিশ্বজিৎ শ্ৰীবাস্তৱে কয় যে ইন্টাৰ্ণ চিকিৎসকগৰাকীৰ তথ্য আৰু ঠিকনা পৰীক্ষা কৰা হৈছে। তেওঁৰ সন্ধান উলিয়াবলৈও প্ৰয়াস কৰা হৈছে। লগতে নাৰ্চিং ছাত্ৰীগৰাকীৰ বক্তব্য দণ্ডাধীশৰ আগত লিপিবদ্ধ কৰা হ’ব বুলিও তেওঁ কয়।

সূত্ৰৰ পৰা জানিব পৰা মতে, বিগত দুসপ্তাহৰ ভিতৰত এইটো দ্বিতীয়টো এনে ঘটনা। ইয়াৰ পূৰ্বে পশ্চিম বংগৰ এজন চিকিৎসকে তেওঁৰ সহকৰ্মীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। বিয়াৰ পূৰ্বে ধৰ্মান্তৰিত হ’বলৈ হেঁচা প্ৰয়োগ কৰা বুলি তেওঁ অভিযোগ কৰিছিল। এই ক্ষেত্ৰত ‘লাভ জেহাদ’ৰ কথাও চৰ্চা হৈছে।

ইপিনে, লক্ষ্ণৌৰ ঘটনাত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ভুক্তভোগী মহিলাগৰাকীৰ সৈতে কথা পাতিছে। অৱশ্যে ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছে অভিযুক্ত।