NORTHEAST NOW (Assamese)
অসম

ব্ৰাজিলৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয়ী বাওঁপন্থী নেতা লুইজ ইনাচিও লুলা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 31, 2022 10:53 am

ব্ৰাজিলৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বাওঁপন্থী নেতা লুইজ ইনাচিও লুলা দা চিলভাই কট্টৰ সোঁপন্থী নেতা জাইৰ বোলচোনাৰোক পৰাস্ত কৰিছে।

লুলাই ৫০.৮৩ শতাংশ ভোট লাভ কৰিছে আৰু বোলচোনাৰোৱে এই নিৰ্বাচনৰ অন্তিম পৰ্যায়ত ৪৯.১৭ শতাংশ ভোট লাভ কৰিছে।

লুলাই ২০২৩ চনৰ ১ জানুৱাৰীত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব।

উল্লেখ্য যেস লুলা ২০ বছৰ আগতে প্ৰথমবাৰৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছিল। শ্ৰমিক সংঘৰ এজন নেতা লুলা দৰমহা ভাট্টাকে ধৰি শ্ৰমিকসকলৰ বিভিন্ন সুবিধাৰ দাবীৰ আন্দোলনৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছিল।

লুলাই শিক্ষা প্ৰসাৰ কৰি আৰু বহু গুৰুত্বপূৰ্ণ সমাজ কল্যাণমূলক ব্যৱস্থা গ্ৰহণ কৰি লাখ লাখ ব্ৰাজিলিয়ানক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত কৰিছিল।

অৱশ্যে, তেওঁৰ জীৱনতো বিতৰ্ক আছে। লুলাই দুৰ্নীতিৰ গোচৰত ৯ বছৰ কাৰাগাৰত কটাব লগা হৈছিল।