NORTHEAST NOW (Assamese)

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে তুলিলে অখিলৰ মুক্তিৰ দাবী

December 18, 2020 11:09 am · পাৰ্শ্বজ্যোতি গগৈ
ফটো : নৰ্থ-ইষ্ট নাও

অসমৰ ৰাজনীতিত এটা নতুন আঞ্চলিক দলে আত্মপ্ৰকাশ কৰিলে। বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তথা অসমৰ ৰাইজৰ প্ৰচেষ্টাত গঠিত হোৱা অসম জাতীয় পৰিষদে পূৰ্ণাংগ ৰূপ পালে।

অসম জাতীয় পৰিষদৰ প্ৰথমখন ৰাজনৈতিক অভিৱৰ্তনৰ দ্বিতীয় তথা শেষ দিনাৰ কাৰ্যসূচীত দলটোৱে ৰাজ্যিক ভিত্তিত এখন পূৰ্ণাংগ সমিতি গঠন কৰাৰ লগতে দলটোৱে ১৯ টা প্ৰস্তাৱ গ্ৰহণ কৰে।

বৃহস্পতিবাৰে শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত অনুষ্ঠিত মুকলি সভাত দলটোৰ সভাপতি লাভ কৰা লুৰিণজ্যোতি গগৈ, উপ-সভাপতি অদিপ কুমাৰ ফুকনৰ লগতে বহুকেইজন বক্তাই অসম জাতীয় পৰিষদৰ মুকলি মঞ্চৰ পৰাই কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী জনায়।

মুকলি সভাত লুৰিনজ্যোতি গগৈয়ে কয়, ‘বৰ্তমানৰ চৰকাৰে স্বৈৰতান্ত্ৰিক, ফেচিষ্ট, অগণতান্ত্ৰিক মানসিকতাৰে কা’কে ধৰি বিভিন্ন প্ৰতিষ্ঠান বিৰোধী আন্দোলনত জড়িত ব্যক্তিসকলক কাৰাৰুদ্ধ কৰি ৰাখিছে’।

অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তনৰ আজিৰ এই পবিত্ৰ ক্ষণত অসমত সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ স্বাৰ্থত অখিল গগৈকে ধৰি যিসকল লোকক বন্দী কৰি ৰাখিছে সেই সকলোকে অতি শীঘ্ৰে বিনাচৰ্তত মুক্তি কৰাৰ দাবী জনায় গগৈয়ে।

ইয়াৰ উপৰি মুকলি সভাত দলটোৰ উপ-সভাপতি অদীপ কুমাৰ ফুকনকে ধৰি বহু ব্যক্তিয়ে নিজৰ ভাষণত অখিল গগৈৰ মুক্তি দাবী কৰে।

Related News