NORTHEAST NOW (Assamese)
অসম

Exit pollৰ সিদ্ধান্ত মানি লবলৈ অসন্মত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ

Posted by: জাহ্নৱী বৰুৱা Updated by: জাহ্নৱী বৰুৱা April 30, 2021 5:21 pm
lurin

নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ আগত সংবাদ মাধ্যমত দিয়া exit poll ৰ প্ৰতি সন্দেহ প্ৰকাশ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।

ৰাইজক এই exit poll কলৈ বিভ্ৰান্ত নহবলৈ আহ্বান জনাই গগৈয়ে কয় “আমি আগতেও Exit poll ৰ  বহু ফলাফল দেখা পাইছোঁ ।যিবোৰ ফলাফল  সময়ত নিৰ্বাচনৰ ফলাফলতকৈ বহু বিপৰীত হোৱা দেখা পোৱা গৈছে। Exit poll-এ দিয়া সকলো ফলাফল শুদ্ধ হ’ব বুলি মই নাভাবো। Exit poll ৰ ফলাফল সমূহ কিছুমান নমুনা গোটাই কৰা হয় তাতো সন্দেহ আছে’।

ৰাইজক বিভ্ৰান্ত হবলৈ মানা কৰি ২মে’ লৈ অপেক্ষা কৰিবলৈ আহ্বান জনায় অজাপৰ নেতাগৰাকীয়ে।তেওঁ কয়—’আমি আশাবাদী যে জাতীয়তাবাদী শিবিৰৰ পৰা  ভাল ফলাফল আহিব’।

কংগ্ৰেছ আৰু বিজেপিক উদ্দেশ্যি তেওঁ পুনৰ কয়” আমাৰ সন্মুখত পৃথিৱীৰ আটাইতকৈ ধনবন্ত দল এটা আছে আৰু আনফালে ১০০বছৰীয়া অভিজ্ঞতাৰে পৰিপক্ক এটা দল আছে, কিন্তু তাৰ মাজতেই আমি ৰাইজৰ বাবে ওলাই আহিছো, ৰাইজৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে’।

‘জনসাধাৰণৰ অধিকাৰ সম্পৰ্কীয় যিবোৰ বিষয় সেইবোৰক মৌলিক বিষয় হিচাপে লৈ ৰাজনৈতিক ধৰা আৰু আদৰ্শ লৈ আমি আমাৰ দলটো আগুৱাই লৈ গৈছো। আমি যুজঁ আৰু সংগ্ৰাম কৰিবলৈ ওলাই আহিছো। আমি এম এল এ হোৱাৰ সপোন নিজৰ বেগত লৈ ফুৰা নাই। আমি মাথোঁ এটা আপোচবিহীন জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব খুজিছো’— লুৰীণজ্যোতিয়ে কয়।