NORTHEAST NOW (Assamese)
অসম

লুৰীণজ্যোতি গগৈৰ প্ৰধানমন্ত্ৰীলৈ তিনিটা প্ৰশ্ন: এতিয়াও পূৰ্বৰ ১৭টা প্ৰশ্নৰ উত্তৰ অপেক্ষাত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 13, 2025 6:13 pm

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত পুনৰ তিনিটা নতুন প্ৰশ্ন উত্থাপন কৰিছে। সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে পূৰ্বে ১৭টা প্ৰশ্নৰ কোনো উত্তৰ নিদিয়াৰ পাছতো অসমবাসীৰ স্বাৰ্থত পুনৰ তিনিটা প্ৰশ্ন কৰিছে। প্ৰধানমন্ত্ৰীৰ দুদিনীয়া অসম ভ্ৰমণৰ সময়তো কোনো উত্তৰ নোপোৱাৰ কথা উল্লেখ কৰি গগৈয়ে কয় যে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে ৰাইজৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰা নাই

লুৰীণজ্যোতি গগৈৰ তিনিটা প্ৰশ্ন হ’ল: প্ৰথম, অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ কাৰণ কি? ২০১৯ত প্ৰধানমন্ত্ৰীয়ে নিজে এই আশ্বাস দিছিল, তথাপি কোনো পদক্ষেপ নাই। দ্বিতীয়, অসম চুক্তি ৰূপায়ণ আৰু অবৈধ বিদেশীৰ বহিষ্কৰণৰ প্ৰতিশ্ৰুতি পূৰণ নকৰি বিজেপি চৰকাৰে কাৰ্যকৰী নাগৰিকত্ব আইনৰ জৰিয়তে অসমৰ ওপৰত বিদেশীৰ বোজা জাপি দিছে নেকি? তৃতীয়, অসমৰ চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ কাৰণ কি, যিহেতু চাহ জনগোষ্ঠীৰ ৭৫ লাখৰো অধিক লোকে বিজেপিৰ প্ৰতি সমৰ্থন জনাইছে?

গগৈয়ে আৰু কয় যে অসমৰ খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষাকৱচ, অবৈধ কয়লা খনন, দুৰ্নীতিমুক্ত অসম, টোলগেটৰ বোজা, নামনি সোৱণশিৰি বান্ধ প্ৰকল্প, ১৫ লাখ টকাৰ প্ৰতিশ্ৰুতি, বান-গৰাখহনীয়াৰ সমাধান, বিজুলীৰ স্মাৰ্ট মিটাৰ, মাতৃভাষাৰ শিক্ষা আৰু কৃষকৰ আয় বৃদ্ধিৰ প্ৰতিশ্ৰুতিৰ বিষয়েও উত্তৰ বিচাৰিছে। তেওঁ আশা প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে এই প্ৰশ্নৰ উত্তৰ দি অসমবাসীৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰিব।