NORTHEAST NOW (Assamese)
Popular Stories

এপষ্টেইনৰ ঘটনাত ‘নিউয়ৰ্ক টাইমছ’ৰ বিৰুদ্ধে ১ লাখ কোটি টকাৰ গোচৰ ড’নাল্ড ট্ৰাম্পৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 16, 2025 3:21 pm

আমেৰিকাৰ কুখ্যাত যৌন অপৰাধী জেফ্ৰি এপষ্টেইনৰ সৈতে তেওঁৰ নামটো সংযোগ কৰি দশক দশক ধৰি মিছা কথা বিয়পি পৰিছে। এই অভিযোগক লৈ এতিয়া ৰাষ্ট্ৰপতি ট্ৰাম্পে আমেৰিকাৰ দৈনিক ‘নিউয়ৰ্ক টাইমছৰ বিৰুদ্ধে ভাৰতীয় মুদ্ৰাত এক লাখ কোটিতকৈ অধিক টকাৰ মানহানিৰ গোচৰ ৰুজু কৰিছে। কোটিপতি ৰাষ্ট্ৰপতিগৰাকীয়ে সকীয়াই দিছে যে প্ৰতিবেদনত প্ৰকাশিত বাতৰিৰ সত্যতা আদালতত প্ৰমাণ কৰিব নোৱাৰিলে বৃহৎ জৰিমনা ভৰিব লাগিব।

৯ ছেপ্টেম্বৰত আমেৰিকাৰ হাউছ অভাৰচাইট কমিটীৰ ডেমক্ৰেটসকলে জেফ্ৰি এপষ্টেইনলৈ লিখা এখন যৌন সম্পৰ্কীয় পত্ৰ প্ৰকাশ কৰিছিল, যত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ স্বাক্ষৰ আছে। অৱশ্যে এই পত্ৰ লিখাৰ কথা অস্বীকাৰ কৰে ট্ৰাম্পে। আনকি তেওঁ প্ৰথমে চিঠিখন প্ৰকাশ কৰা ‘দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলৰ বিৰুদ্ধে ১০ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণৰ বাবে মামলা কৰিছিল। এইবাৰ ক্ষুব্ধ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ছচিয়েল মিডিয়াত লিখিছে, “মই আপোনালোকক সন্মান জনাই জনাইছো যে মই ‘নিউয়ৰ্ক টাইমছ’ৰ বিৰুদ্ধে ১৫ বিলিয়ন ডলাৰৰ মানহানিৰ গোচৰ তৰিছো। তেওঁলোক আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ অসাৰ বাতৰি কাকত। লাহে লাহে সেই কাকতখন বিপ্লৱী বাওঁপন্থী ডেম’ক্ৰেট পাৰ্টিৰ মুখপাত্ৰ হৈ পৰিছে।” ট্ৰাম্পৰ এই পোষ্টৰ পিছতেই পোহৰলৈ আহে নিউয়ৰ্ক টাইমছৰ বিৰুদ্ধে গোচৰ।

কাকতলীয়াকৈ ৱাল ষ্ট্ৰীটে প্ৰকাশ কৰা এক প্ৰতিবেদনত দাবী কৰা হৈছিল যে ২০০৩ চনত এপষ্টেইনৰ ৫০ বছৰীয়া জন্মদিনত বহুতে অভিনন্দন বাৰ্তা প্ৰেৰণ কৰিছিল।তাৰ ভিতৰত ট্ৰাম্পো আছিল। তেওঁ পঠোৱা চিঠিখনত এগৰাকী উলংগ মহিলাৰ ছবি আছিল। এই পত্ৰখনক লৈ ট্ৰাম্পে নিজৰ ক্ষোভ প্ৰকাশ কৰে। তেওঁ কয় যে এই প্ৰতিবেদন ‘মিছা, ক্ষতিকাৰক, আৰু মানহানিকাৰক। আৰু সেইবাবেই তেওঁ বৃহৎ জৰিমনা বিহাৰ বাবে গোচৰ তৰিলে। তেওঁ দাবী কৰে যে তেওঁ কেতিয়াও মহিলাৰ ছবি অংকন কৰা নাছিল। সেই চিঠিখনৰ ভাষা তেওঁৰ নহয়। ই সম্পূৰ্ণ ৰচনা কৰা হৈছে। এনে পৰিস্থিতিত কমিটীয়ে পুনৰ পত্ৰখন মুকলি কৰি দিলে। অৱশ্যে কেৱল সেই চিঠিখনেই নহয়, এটা সম্পূৰ্ণ এলবাম মুক্তি পাইছে। ট্ৰাম্পৰ বাহিৰেও তাত বহু হাই-প্ৰফাইল লোকৰ নাম উল্লেখ কৰা হৈছে। ইয়াৰ ভিতৰত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টন, অধিবক্তা এলান ডেৰশ্বৱিট্জ ইত্যাদি।

উল্লেখ্য যে, এপষ্টেইন আছিল এজন বিতৰ্কিত ব্যক্তি। কমেও ৪০ গৰাকী মহিলাই তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। নাবালক ধৰ্ষণ আৰু সৰবৰাহৰ অভিযোগত অভিযুক্ত এপষ্টেইনক দোষী সাব্যস্ত হলে ৪৫ বছৰৰ কাৰাদণ্ড বিহা হলহেঁতেন। কিন্তু তাৰ আগতে তেওঁ আত্মহত্যা কৰিছিল। সেই সময়ত ট্ৰাম্পে কৈছিল যে এপষ্টেইনৰ আত্মহত্যাৰ আঁৰত ৰাজনৈতিক হেঁচা আছে। এপষ্টেইনে এসময়ত আমেৰিকাৰ বহু ৰাজনৈতিক নেতাৰ প্ৰচাৰ অভিযানৰ বাবে বিত্তীয় সাহায্য আগবঢ়াইছিল। ইয়াৰ ভিতৰত ট্ৰাম্পৰ নামো শুনা গৈছে।