NORTHEAST NOW (Assamese)

পথ দুৰ্ঘটনাত বিশিষ্ট গীতিকাৰ-সুৰকাৰ হেমন্ত গোস্বামীৰ মৃত্যু

September 30, 2019 7:50 am · এন ই নাও নিউজ
প্ৰয়াত গীতিকাৰ-সুৰকাৰ হেমন্ত গোস্বামী। ফাইল ফটো

দেওবাৰে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত বিশিষ্ট গীতিকাৰ-সুৰকাৰ হেমন্ত গোস্বামীৰ মৃত্যু হয়।

মহানগৰীৰ গীতানগৰত এছ এছ বি জোৱান কঢ়িওৱা এখন বাছে গোস্বামীক খুন্দিয়াই নিহত কৰে।

ঘটনা সংঘটিত কৰিয়ে চালকে বাছখন লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ভয়ংকৰ   দুৰ্ঘটনাটোত বাছখনে প্ৰচণ্ড জোৰে খুন্দিওৱাৰ ফলত আশীৰ উৰ্দ্ধৰ ব্যক্তিজন চিটিকি পৰে।

বাছখনৰ নম্বৰ এএছ-০১-বিচি-১৭১৮ বুলি জানিব পৰা গৈছে।

মৃত্যুৰ সময়ত গোস্বামীৰ বয়স ৮৪ বছৰ আছিল বুলি জানিব পৰা গৈছে।

মহানগৰীৰ গীতানগৰৰ বাসিন্দা গীতিকাৰ গোস্বামীয়ে জীৱনকালত প্ৰায় ছয় শতাধিক গীত ৰচনা কৰাৰ উপৰি ৩০০ৰো অধিক গীতত সুৰাৰোপ কৰিছে।

বিশিষ্ট সুৰকাৰগৰাকীৰ এটি অতি প্ৰসিদ্ধ গীত হৈছে কণ্ঠশিল্পী জ্যোতিষ ভট্টাচাৰ্যই গোৱা ‘মই এটি দিনৰ জোনাকী’।

হেমন্ত গোস্বামীয়ে ৰচনা কৰা বহু গীতত খগেন মহন্ত, জয়ন্ত হাজৰিকা, ৰিদিপ দত্ত, জ্যোতিষ ভট্টাচাৰ্য আদিৰ দৰে শিল্পীয়ে কণ্ঠদান কৰিছিল।

বিশিষ্ট গীতিকাৰ-সুৰকাৰ হেমন্ত গোস্বামীৰ মৃত্যুত অজস্ৰ গুণমুগ্ধই শোক প্ৰকাশ কৰিছে।

Related News