NORTHEAST NOW (Assamese)

নিভাৰ চাইক্ল’নৰ পিছতে কিবা বস্তু এবিধ বিচাৰি সমুদ্ৰৰ পাৰত ভীৰ কৰিছে বহু লোকে, কি বিচাৰিছে তেওঁলোকে?

November 29, 2020 11:48 am · এন ই নাও নিউজ
Updated: November 29, 2020 1:58 pm

শেহতীয়াকৈ ঘণ্টাত প্ৰায় ১১০ কিলোমিটাৰ বেগেৰে বলা সাগৰীয় ধুমুহা নিভাৰে তামিলনাডুকে ধৰি পুডুচেৰী আৰু ইয়াৰ উপকণ্ঠ অঞ্ছলত বিস্তৰ ক্ষতিসাধন কৰি গৈছে।

এতিয়ালৈকে এই ধুমুহাত তিনিজন লোকৰ মৃত্যু ঘটিছে। সংহাৰী ধুমুহাজাক পাৰ হৈ যোৱাৰ পিছতে অন্ধ্ৰপ্ৰদেশৰ সমুদ্ৰতীৰত এতিয়া বহু লোকে এবিধ বিশেষ বস্তু বিচাৰি চলাথ কৰিছে।

কিন্তু সাগৰৰ পাৰত কি বিচাৰি ফুৰিছে লোকসকলে?

খবৰ অনুসৰি নিভাৰ ধুমুহাৰ পিছতে অন্ধ্ৰপ্ৰদেশৰ পূৱ গোদাৱৰী জিলাৰ সাগৰৰ পাৰলৈ গৈছিল কেইজনমান মাছমৰীয়া।

সাগৰৰ পানীত হাত থোৱাৰ পিছতে তেওঁলোকৰ হাতলৈ উঠি আহিছিল সোণৰ সৰু সৰু টুকুৰা।

মাছমৰীয়া কেইজনে সেই সোণ বজাৰত বিক্ৰী কৰি প্ৰচুৰ ধন লাভ কৰা বুলি খবৰ বিয়পি পৰাৰ পিছতে এতিয়া সাগৰত সোণ বিচাৰি চলাথ কৰিছে বহুলোকে।

স্থানীয় একাংশ লোকে প্ৰকাশ কৰা মতে কেৱল নিভাৰেই নহয়, যিকোনো ডাঙৰ সাগৰীয় ধুমুহাৰ পিছতে সাগৰৰ পাৰত সোণ পোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়।

ইয়াৰ কাৰণ হিচাবে তেওঁলোকে কৈছে যে ধুমুহাৰ ফলত সাগৰৰ বিশাল ঢৌৱে উপকূলত থকা মন্দিৰ প্লাৱিত কৰি তোলে।

সেই মন্দিৰত ভক্তই দান হিচাবে আগবঢ়োৱা সোণ-ৰূপ আদি পানীত উটি যায় আৰু সেইবোৰেই পুনৰ ঢৌত উটি আহি পাৰ পায়।

অৱশ্যে নিভাৰ ধুমুহাৰ পিছত কিমান জন লোকে সাগৰত সোণ পালে সেয়া এতিয়ালৈকে নিশ্চিত ভাবে জানিব পৰা হোৱা নাই।

বহু লোকে কেৱল ধাৰণাৰ ওপৰত ভিত্তি কৰিয়েই সোণ পোৱাৰ আশাত সাগৰৰ পাৰত ভিৰ কৰা বুলি অনেকে ধাৰণা কৰিছে।

Related News