NORTHEAST NOW (Assamese)

সমগ্ৰ ৰাজ্যৰ লগতে আজি শিৱসাগৰতো পালন কৰা হয় মে ডাম মে ফি

January 31, 2022 1:21 pm · পার্শ্বজোতি গগৈ, শিৱসাগৰ
ফটো: নৰ্থইষ্ট নাও।

শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰ প্ৰাংগণ আৰু গনকপট্টি গোঁহাইচুকৰ ঐতিহাসিক চেংমুন বুঢ়াগোঁহাইৰ মৈডামস্থলীত মে ডাম মে ফি অনুষ্ঠিত কৰা হয়।

আহোম ৰয়েল ছ’চাইটি শিৱসাগৰ জিলা সমিতি আৰু স্থানীয় ৰাইজৰ  উদ্যোগত গনকপট্টিৰ গোঁহাইচুকত থকা আহোম শাসনকালৰ অন্যতম মন্ত্ৰী চেংমুন বুঢ়াগোঁহাইৰ মৈডামত বন্তি প্ৰজ্বলন কৰি পুলিন পুথাও সকলক স্মৰণ কৰে।

ফটো: নৰ্থইষ্ট নাও।

অনুষ্ঠানত আহোম ৰয়েল ছচাইটিৰ সভাপতি মণিৰুল ইছলাম বড়া, উপ সভাপতি তন্ময় বুঢ়াগোঁহাই, মিন্তু দাসৰ  লগতে চেংমুন বুঢ়াগোঁহাই বংশৰ বোৱাৰী অনু বুঢ়াগোঁহাইসহ স্থানীয় বহু ব্যক্তি উপস্থিত থাকে।

ক’ভিডৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ অনুষ্টুপীয়াকৈ আয়োজন কৰা হয় মে ডাম মে ফি।

ইপিনে তলাতল ঘৰ প্ৰাংগনতো ধৰ্মীয় ৰীতি নীতিৰে পালন কৰা হয় মে ডাম মে ফি। আহোম সকলৰ পিতৃ পুৰুষ তথা উপৰি-পুৰুষক শ্ৰদ্ধা ভক্তিৰে স্মৰণ কৰি দেশ আৰু দহৰ মংগল কামনাৰে পৰম্পৰাগত প্ৰথাৰে পূজা-অৰ্চনা কৰে।

ফটো: নৰ্থইষ্ট নাও।

সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতি, পৰম্পৰাগত প্ৰথাৰে বাঁহ মেহেঙা(শৰাই) সাজি বৰা চাউল, আখৈ, লুক লাও(সাঁজপানী), পাতি হাঁহৰ কণী, কুকুৰা আদি বিভিন্ন নৈবদ্য আগবঢ়াই নিজৰ লগতে সমাজৰ বাবে আশীৰ্বাদ বিচাৰে টাই আহোমসকলে।

Related News