NORTHEAST NOW (Assamese)
দেশ

ব্যৱহাৰৰ অনুমোদনৰ দিশে ভাৰতত নিৰ্মিত ক’ভিদ প্ৰতিৰোধক এণ্টিভাইৰেল টেবলেট

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 11, 2021 1:03 pm
Made-In-India Anti-Covid Pills Could Be Cleared For Use In Days

কোভিড-19 ৰ চিকিৎসাৰ বাবে ভাৰতত নিৰ্মিত মৌখিক এণ্টিভাইৰেল ঔষধ ম’লনুপিৰাভিৰৰ জৰুৰীকালীন ব্যৱহাৰৰ বাবে অতি সোনকালেই অনুমোদিত হোৱাৰ সম্ভাৱনা আছে। এই কথা সদৰী কৰিছে কোভিড ষ্ট্ৰেটেজী গ্ৰুপ CSIR ৰ অধ্যক্ষ ড০ ৰাম বিশ্বকৰ্মাই।

বুধবাৰে ৰাম বিশ্বকৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে এই ঔষধটো প্ৰাপ্তবয়স্কসকলৰ বাবে, যিসকলে গুৰুতৰ কোভিড-19 লৈ আগবাঢ়ি যোৱা বা চিকিৎসালয়ত ভৰ্তি হোৱাৰ আশংকা থাকে। ফাইজাৰ, পেক্সলোভিডৰ আন এটা টেবলেটত আৰু কিছু সময় লাগিব পাৰে বুলি তেওঁ লগতে কয়।

তেওঁ কয় যে এই ঔষধ দুটায়ে এক পৰিৱৰ্তন আনিব আৰু মহামাৰীৰ পৰা পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ গতি কৰাৰ পিছত এই টেবলেট টিকাকৰণতকৈ অধিক গুৰুত্বপূৰ্ণ হ’ব।

ঔষধক বিজ্ঞানৰ দ্বাৰা ভাইৰাছৰ বিৰুদ্ধে অন্তিম যুঁজাৰু বুলি অভিহিত কৰি তেওঁ কয়, “মই ভাবো মোলনুপিৰাভিৰ ইতিমধ্যে আমাৰ বাবে উপলব্ধ হ’ব। মই ভাবো যিকোনো সময়তে মোলনুপিৰাভিৰৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিব।”

ইতিমধ্যে গ্ৰেট বৃটেইনত ম’লনুপিৰাভিৰৰ ব্যৱহাৰৰ অনুমোদনৰ ভাৰতেও অনুমোদন জনাব বুলি আশাবাদী বিশ্বকৰ্মাই কয়, “ইতিমধ্যে SEC এ ইয়াক পৰীক্ষা কৰি আছে। মই ভাবো তেওঁলোকে দ্ৰুত অনুমোদন প্ৰদান কৰিব। অহা এমাহৰ ভিতৰত মাৰ্ক ঔষধৰ অনুমোদনৰ বিষয়ে সিদ্ধান্ত লোৱা হ’ব।”

ঔষধ নিৰ্মাতা কোম্পানী ফাইজাৰে সদৰী কৰা অনুসৰি ক্লিনিকেল পৰীক্ষণে প্ৰমাণ কৰিছে যে পেক্সলোভিডে দুৰ্বল প্ৰাপ্তবয়স্কলোকৰ চিকিৎসালয়ত ভৰ্তি হোৱা বা মৃত্যুৰ আশংকা ৮৯ শতাংশ হ্ৰাস কৰে।

মাৰ্কে ইতিমধ্যে পাঁচটা কোম্পানীৰ সৈতে চুক্তি কৰিছে আৰু মাৰ্কে যিদৰে কেইবাটাও কোম্পানীক এই অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে সেইদৰে ফাইজাৰেও অনুমতি প্ৰদান কৰিব কিয়নো ফাইজাৰে বিশ্বব্যাপী ব্যৱহাৰৰ বাবে প্ৰয়োজনীয় ঔষধ নিৰ্মাণৰ বাবে ভাৰতীয় ক্ষমতা ব্যৱহাৰ কৰিব লাগিব।

ফাইজাৰৰ ফালৰ পৰা কোৱা হৈছে যে মাৰ্ক টেবলেটৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত বিবেচনা কৰা ৭০০ ডলাৰৰ তুলনাত ভাৰতত ব্যয় যথেষ্ট কম হ’ব।