NORTHEAST NOW (Assamese)
অসম

অহা ২৪ আৰু ২৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব মধুপুৰ মহোৎসৱ-২০১৮’

Posted by: এন ই নাও নিউজ December 16, 2018 8:25 am
maxresdefault (1)

অসম চৰকাৰৰ পৰ্যটন বিভাগৰ পৃষ্ঠপোষকতাত আৰু  মধুপুৰ সত্ৰ পৰিচালনা সমিতিৰ উদ্যেগত অহা ২৪ আৰু ২৫ ডিচেম্বৰত মধুপুৰ মহোৎসৱ ২০১৮’ অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে ৷

উত্তৰ বংগৰ কোচবিহাৰত অৱস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পূণ্য স্থান মধুপুৰ সত্ৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা এই মহোৎসৱৰ বিষয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে মধুপুৰ সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানী আৰু সাধাৰণ সম্পাদক কুমাৰ দীপক দাসে ৷

এক বিবৃতিত তেওঁলোকে জনায় যে, যোৱা ১৩ ডিচেম্বৰত অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সভাকক্ষত অনুষ্ঠিত হোৱা সভাত এই মহোৎসৱ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে দুদিনীয়া কাৰ্যসূচীও প্ৰস্তুত কৰা হয় ৷

মহোৎসৱত বৰপেটা, বৰদোৱা আৰু কমলাবাৰী সত্ৰৰ লগতে অসমৰ কেবাখনো সত্ৰৰ সত্ৰীয়া সাংস্কৃতিক দলে অংশ গ্ৰহণ কৰিব ৷

কাৰ্যসূচী অনুসৰি ২৪ ডিচেম্বৰ পুৱা ১১ বজাত উত্তৰ বংগ আৰু পশ্চিম অসমৰ সত্ৰ সমূহকলৈ মধুপুৰ মহামিলন সমাৰোহ, বিয়লি থিয়নাম সমাৰোহ আৰু সন্ধিয়া সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হ’ব ৷

আনহাতে, ২৫ ডিচেম্বৰৰ পুৱা ৭-৩০ বজাত সাংস্কৃতিক শোভাযাত্ৰা,  ৮বজাত নাম প্ৰসংগ, ৯ বজাত পালনাম, ১১ বজাত থিয়নাম সমাৰোহ, বিয়লি ৪- ৩০ বজাত স্মৃতিগ্ৰন্থ উন্মোচন আৰু মুকলি সভা অনুষ্ঠিত হোৱাৰ লগতে  সন্ধিয়া সাংস্কৃতিক সমাৰোহ আৰু ভাওনা প্ৰদৰ্শনেৰে মধুপুৰ মহোৎসৱ-২০১৮’ৰ সামৰণি পৰিব ৷