NORTHEAST NOW (Assamese)
Popular Stories

ৱেব জগতত প্ৰৱেশ মোহময়ী মাধুৰী দীক্ষিতৰ; নেটফ্লিক্সৰ প্ৰথম ছিৰিজৰ ভিডিঅ’ মুকলি (চাওক ট্ৰেইলাৰ)

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 11, 2022 10:10 am

বলীউদৰ বহু তাৰকা শিল্পীৰেই নতুন ঠিকনা এতিয়া ৱেব জগত। শেহতীয়াকৈ এই তালিকাত নাম লিখিছে মোহময়ী অভিনেত্ৰী মাধুৰী দীক্ষিতে। নেটফ্লিক্সৰ এটা ৱেব ছিৰিজত এইবাৰ দেখা যাব মাধুৰীক।

মাধুৰী দীক্ষিতৰ ৱেব ছিৰিজৰ নাম হৈছে ‘দ্য ফেম গেম’। মাধুৰীৰ নৃত্যই এতিয়াও অজস্ৰ অনুৰাগীক মুগ্ধ কৰে। এই ছিৰিজটোতো মাধুৰীয়ে এন এক তাৰকাৰ চৰিত্ৰতে অভিনয় কৰিছে।

গ্লেমাৰ জগতৰ দৰ্শকৰ বাবে সম্পূৰ্ণ এক জীৱন অনামিকা আনন্দৰ। নাম, প্ৰতিপত্তি, ধন-ঐশ্বৰ্য সকলো আছে। কিন্তু গ্লেমাৰৰ আঁৰত দৰাচলতে তাৰকাৰ জীৱন কেনেকুৱা? তেওঁৰ সম্পৰ্কৰ জটিল আৱৰ্তত কি ৰহস্য লুকাই আছে?

ছবিখনত মাধুৰীৰৰ স্বামীৰ চৰিত্ৰত সঞ্জয় কাপুৰে অভিনয় কৰিছে। তদুপৰি, ছবিখনত অভিনয় কৰিছে মানব কাউল, সুহালিনী মূলে, মুছকান জাফেৰী, লক্ষ্যবীৰ চৰন আদিয়ে।

মাধুৰীয়ে ১৯৮৪চনত ‘অবোধ’ ছবিৰ জৰিয়তে অভিনয় জগতত যাত্ৰা আৰম্ভ কৰিছিল। তাৰ পাছৰে পৰাই ‘গজগামিনী’ হৈ পৰে সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰ।মাজতে পৰিয়ালৰ তাড়নাত বিদেশতো গৈ আছিল মাধুৰী।

২০০৭চনত ‘আজা নাচলে’ ছবিৰ জৰিয়তে পুনৰ বলীউদত কামবেক কৰে মাধুৰীয়ে। সৰু পৰ্দাতো নৃত্য প্ৰতিযোগিতাৰ অনুষ্ঠানত বিচাৰকৰ দায়িত্বত দেখা গৈছে ‘ধক ধক গাৰ্ল’ মাধুৰীক।  

এইবাৰ ৱেব জগতত খোজ দিছে অভিনেত্ৰী মাধুৰীয়ে। অহা ২৫ ফেব্ৰুৱাৰীৰ পৰা নেটফ্লিক্সত দেখা পোৱা যাব মাধুৰীৰ প্ৰথম ৱেব ছিৰিজ। 

https://www.instagram.com/tv/CZyaFu2oH61/?utm_source=ig_web_copy_link