NORTHEAST NOW (Assamese)

মহেন্দ্ৰ সিং ধোনীক ‍‘ভাৰত ৰত্ন’ প্ৰদানৰ দাবী উত্থাপন এগৰাকী কংগ্ৰেছী বিধায়কৰ

August 17, 2020 7:39 pm · এন ই নাও নিউজ

দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ দিনা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা ভাৰতৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক লৈ এতিয়াও বিশ্বজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া।

কিছু সংখ্যকে যদি ধোনীয়ে পিন্ধা ৭ নম্বৰ জাৰ্চিটো ৰিটায়েৰ কৰাৰ আহ্বান জনাইছে তেন্তে আন কিছু সংখ্যকে আকৌ এখন ফেয়াৰৱেল মেচ অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছে।

এই ধৰণৰ চৰ্চাৰ মাজতে মধ্য প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ বিধায়ক পি চি শৰ্মাই ধোনীক ভাৰত ৰত্ন প্ৰদানৰ দাবী উত্থাপন কৰে।

ভোপাল দক্ষিণ-পশ্চিম সমষ্টিৰ পৰা বিধায়ক হোৱা শৰ্মাই টুইটযোগে কয়, ‍‘ভাৰতীয় ক্ৰিকেটক সমগ্ৰ বিশ্বতে বিজয়ী ৰূপত প্ৰতিষ্ঠা কৰা ‍‘দেশৰ ৰত্ন’ মহান অধিনায়ক মহেন্দ্ৰ সিং ধোনীক ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰিব লাগে’।

এটা নিউজ এজেন্সিৰ সৈতে হোৱা কথা বতৰাত বিধায়কজনে কয় যে ধোনী ক্ৰীড়াৰ ভাৰত ৰত্ন।

তেওঁ লগতে কয় যে ধোনীয়ে ক্ৰিকেটৰ জৰিয়তে দেশৰ নাম উজলাইছে সেয়ে তেওঁক ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰিব লাগে।

উল্লেখ্য যে ১৫ আগষ্টৰ দিনা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা মহেন্দ্ৰ সিং ধোনী বিশ্বৰ একমাত্ৰ অধিনায়ক, যিয়ে ২০০৭ ৰ টি-২০ বিশ্বকাপ, ২০১১ৰ এদিনীয়া বিশ্বকাপ আৰু ২০১৩ চনৰ আই চি চি চেম্পিয়নছ ট্ৰফি জয়ী হৈছিল।

Related News