NORTHEAST NOW (Assamese)
দেশ

মধ্যপ্ৰদেশত ভোটগ্ৰহণৰ মাজতে অঘটন, বিজেপি সমৰ্থকৰ আক্ৰমণত নিহত কংগ্ৰেছ প্ৰাৰ্থীৰ  সহায়ক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 17, 2023 6:49 pm

শুকুৰবাৰে মধ্যপ্ৰদেশৰ ৰাজনগৰ সমষ্টিত চলি থকা বিধান সভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ মাজতে দুটা গোটৰ মাজত সংঘৰ্ষত নিহত হয় এজন কংগ্ৰেছ প্ৰাৰ্থীৰ সহায়ক। 

ইন্দোৰ জিলাৰ মহৌ অঞ্চলত দুটা গোটৰ মাজত হোৱা সংঘৰ্ষত পাঁচজন লোক আহত হোৱাৰ বিপৰীতে কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মৰেনা জিলাৰ ডিমণি সমষ্টিত সংঘটিত হোৱা সংঘৰ্ষত দুজন লোক আহত হয়।

ছটাৰপুৰৰ আৰক্ষী অধীক্ষক অমিত সংঘীয়ে কয় যে শুকুৰবাৰে পুৱতি নিশা ৰাজনগৰ সমষ্টিত দুজন ৰাজনৈতিক নেতাৰ সমৰ্থকৰ মাজত মুখামুখি হয় যাৰ ফলত এজন লোকৰ মৃত্যু হয়।

এই আসনৰ কংগ্ৰেছ প্ৰাৰ্থী বিক্ৰম সিং ওৰফে নাতি ৰাজাই অভিযোগ কৰিছে যে তেওঁৰ গাড়ীচালক ছলমানক বিজেপিৰ সমৰ্থকে হত্যা কৰিছে।

অৱশ্যে বিজেপিৰ প্ৰাৰ্থী অৰবিন্দ পাটেৰিয়াই এই ঘটনাক বিতৰ্কৰ আখ্যা দি বিষয়টোৰ ন্যায়িক তদন্ত বিচাৰিছে।