NORTHEAST NOW (Assamese)
Popular Stories

ফটোশ্বপত বেলেগৰ ফটোত নিজৰ মুখ জোৰাই লগাই শিৰোনামাত পপষ্টাৰ মেডোনা!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 26, 2021 3:32 pm

‘কুইন অৱ পপ’ নামেৰে জনাজাত মেডোনাৰ নাম নুশুনা সংগীতপ্ৰেমী খুব কম আছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই পপষ্টাৰগৰাকী শেহতীয়াকৈ এটা আমোদজনক বাতৰিৰ বাবে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

টিকটক আৰু ইনষ্টাগ্ৰামত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত এগৰাকী মহিলাই দাবী কৰিছে যে ছবছৰ পূৰ্বে মেডোনাই নিজৰ মুখখন মহিলাগৰাকীৰ শৰীৰৰ লগত জোৰা লগাই ফটোশ্বপ কৰিছিল।

ছবছৰ পূৰ্বে পপষ্টাৰগৰাকীৰ এটা এলবাম ‘ৰিবেল হাৰ্ট’ৰ প্ৰচাৰৰ সময়ত তেওঁ সেই ফটোশ্বপ কৰা ফটোখন ইনষ্টাগ্ৰামত প’ষ্ট কৰিছিল।

২৮ বৰ্ষীয়া মহিলাগৰাকীয়ে কয় যে প্ৰথমে তেওঁ ইয়াক কৌতুক বুলি ভাবিছিল, কিন্তু যেতিয়া পপষ্টাৰগৰাকীৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত ফটোখন দেখা পায়, তেতিয়া গম পায় যে ই কৌতুক নহয়।

 

View this post on Instagram

 

A post shared by Amelia Goldie (@ameliagoldie)

মনোৰঞ্জনমূলক সংবাদগোষ্ঠী ‘Buzzfeed’ৰ আগত মহিলাগৰাকীয়ে কয় যে তেওঁ মেডোনাৰ স’তে যোগাযোগ কৰিব বিচাৰে কিন্তু কোনোধৰণৰ সহাৰী পোৱা নগ’ল।য

তেওঁ কয় যে যদি কেনেবাকৈ মেডোনাক লগ পায়, তেন্তে তেওঁ হাঁহি হাঁহি বাগৰি পৰিব।

পপষ্টাৰগৰাকীৰ ওপৰত বিশেষ কোনো নেতিবাচক মনোভাৱ নাই বুলি মহিলাগৰাকীয়ে জনাইছে।

বাতৰিটোৱে ইতিমধ্যে সৰস চৰ্চা লাভ কৰিছে।