NORTHEAST NOW (Assamese)
অসম

জলসিঞ্চন “দুৰ্নীতি”ৰ প্ৰতিবেদনত পলম হ’ব: তদন্ত সমিতি ||মঙলদৈ

Posted by: ময়ূখ গোস্বামী Updated by: ময়ূখ গোস্বামী October 11, 2019 5:51 pm
Magisterial probe into salary bills forgery case of Mangaldai Irrigation Department in Assam

মঙলদৈ জলসিঞ্চন সংমণ্ডলত উঠা দুৰ্নীতিৰ অভিযোগৰ তদন্তকাৰী সমিতিয়ে তেওঁলোকৰ প্ৰতিবেদনত দাখিলত পলম হ’ব বুলি মন্তব্য কৰিছে।

নৰ্থইষ্ট নাওক শুকুৰবাৰে এই কথা জনাইছে তদন্ত সমিতিখনৰ সদস্য, দৰং জিলা পৰিষদৰ এফ এ অ’ মহেশ বসুমতাৰীয়ে।

“আমি খৰধৰকৈ এই কাম সম্পূৰ্ণ কৰিব নোৱাৰো। সময় লাগিব কাৰণ সম্ভাৱ্য ভুলৰ বিভিন্ন দিশত আমি চকু দিব লাগিব,” বসুমতাৰীয়ে জনায়।

সংমণ্ডলটোত দৰমহা বিলৰ বহু লাখ টকাৰ জালিয়াতি হোৱা বুলি উঠা অভিযোগৰ তদন্তৰ বাবে সমিতিখন গঠন কৰা হৈছিল।

উপায়ুক্ত ঘনশ্যাম দাসে জিলাখনৰ এগৰাকী সহকাৰী আয়ুক্তৰ অধ্যক্ষতাত গঠন কৰি দিয়া সমিতিখনে যোৱা মাহত তদন্ত আৰম্ভ কৰিছিল।

বসুমতাৰীৰ লগতে জিলা প্ৰাথমিক শিক্ষা বিষয়াগৰাকীও সমিতিখনৰ সদস্য হিচাপে আছে।

অভিযোগমতে, সংমণ্ডলটোৰ কাৰ্য্যবাহী অভিযন্তা তথা ডিডিঅ’ (Drawing and Disbursing Officer) মৃণাল কান্তি ভট্টাচাৰ্য্যই ইতিমধ্যে অৱসৰ লোৱা ১৩গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ দৰমহাৰ বিল দাখিল কৰিছিল।

যোৱা এপ্ৰিলৰ পৰা চাৰিমাহৰ বাবে জিলা কোষাগৰত এই বিল দাখিল কৰা হৈছিল।

কোষাগাৰে বিষয়টোত সন্দেহ ওপজাত ভট্টাচাৰ্য্যক সংশ্লিষ্ট চৰকাৰী নিৰ্দেশ দাখিল কৰিবলৈ কয়, কিন্তু সেয়া দেখুওৱাত তেওঁ বিফল হয়।

জিলা কোষাগাৰ বিষয়াই বিষয়টোত আপত্তি দৰ্শাই হস্তক্ষেপৰ বাবে উপায়ুক্তলৈ প্ৰেৰণ কৰে।

আৰু উপায়ুক্তই দণ্ডাধীশ পৰ্য্যায়ৰ তদন্তটোৰ নিৰ্দেশ দিয়ে।

কিন্তু, কাৰ্য্যাবাহী অভিযন্তা ভট্টাচাৰ্য্যই বিষয়টোত নিজৰ একো দোষ নাই বুলি নৰ্থইষ্ট নাওত মন্তব্য কৰিছে।

“এইটো অৱসৰ লোৱা কৰ্মচাৰীক পুনৰ স্থলাভিষিক্ত কৰাৰ দৰে ঘটনা নহয়। ই তেওঁলোকৰ অৱসৰৰ কেৱল বয়সটো শুধৰোৱাৰ কথাহে। জলসিঞ্চন কাৰ্য্যালয়ৰ মুখ্য অভিযন্তাই বিষয়টো ভালদৰে জানে,” ভট্টাচাৰ্য্যই কয়।

ভট্টাচাৰ্য্যই প্ৰায় এবছৰ পূৰ্বে মঙলদৈ জলসিঞ্চন সংমণ্ডলত যোগ দিছিল।

যাৱতীয় বিভাগীয় বিধি নমনাকৈ কেইজনমান চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদোন্নতিৰ ক্ষেত্ৰত পূৰ্বৰ কাৰ্য্যবাহী অভিযন্তাক বিপথে পৰিচালিত কৰাৰ অভিযোগত ভট্টাচাৰ্য্যই শেহতীয়াকৈ তেওঁৰ মুখ্য সহকাৰী উমেশ ডেকাক নিলম্বিত কৰিছিল।