NORTHEAST NOW (Assamese)
অসম

পুনৰ ভয়াৱহ ভূমিকম্প! নিউজিলেণ্ডত ৭.১ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি; চুনামিৰ আশংকা!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 16, 2023 8:27 am

এইবাৰ এক ভয়াৱহ ভূমিকম্পৰত কঁপি উঠিল নিউজিলেণ্ড। বৃহস্পতিবাৰে ৰাতিপুৱা নিউজিলেণ্ডৰ কাৰ্মাডেক দ্বীপপুঞ্জ অঞ্চলত এই ভূমিকম্প অনুভুত হয়।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ (USGS)অনুসৰি, ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৭.১ আছিল।

ইউএছজিএছ-ৰ মতে, ভূমিকম্পৰ কেন্দ্ৰস্থল ভূগৰ্ভস্থ ১০ কিলোমিটাৰ গভীৰতাত আছিল। বাতৰি লিখাৰ সময়লৈকে ক্ষয়ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই।

স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি ভূমিকম্পৰ কেন্দ্ৰস্থলৰ পৰা ৩০০ কিলোমিটাৰ দূৰত্বত চুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

আনহাতে, অষ্ট্ৰেলিয়াৰ মেট্ৰ’লজি ব্যুৰোৱে ভূমিকম্পটোৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৬.৮ বুলি কৈছে। সেইদৰে, নিউজিলেণ্ডৰ অসামৰিক প্ৰতিৰক্ষা বিভাগে ভূমিকম্পৰ পিছত চুনামিৰ আশংকা নাই বুলি সদৰী কৰিছে। 

অৱশ্যে, এই সম্পৰ্কত  বিতং তথ্যৰ বাবে অপেক্ষা কৰা হৈছে।

উল্লেখ্য যে তুৰস্ক আৰু ছিৰিয়াত শেহতীয়াকৈ হোৱা বিধ্বংসী ভূমিকম্পৰ পিছতে এইবাৰ নিউজিলেণ্ডত একেধৰণৰ প্ৰবল ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে।