NORTHEAST NOW (Assamese)
অসম

২৮৬ বছৰীয়া শিৱসাগৰৰ ঐতিহাসিক দেৱী দ’লত আজি মহা অষ্টমী

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ October 6, 2019 4:18 pm
২৮৬ বছৰীয়া শিৱসাগৰৰ ঐতিহাসিক দেৱী দ’লত আজি মহা অষ্টমী

আজি মহা অষ্টমী। সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো পালন কৰা হৈছে অষ্টমী পূজা। শিৱসাগৰৰ বিভিন্ন পূজা মণ্ডপৰ লগতে ঐতিহাসিক দেৱী দ’লতো পতা হৈছে মহা অষ্টমীৰ পূজা।

দেৱীৰ সেৱা ল’বলৈ পুৱাৰে পৰা দেৱী দ’লত ভক্তৰ লানি নিচিগা ভিৰ দেখা গৈছে। মনোকামনা পূৰণৰ বাবে দেৱীক সন্তুষ্ট কৰিবলৈ দূৰ-দূৰণিৰ ভক্তপ্ৰাণ ৰাইজে হাতে হাতে হাঁহ-ছাগলী লৈ দেৱীক পূজা আগবঢ়াবলৈ পুৱাৰে পৰা ভিৰ কৰেহি দেৱীদ’লত।

উল্লেখযোগ্য যে বুৰঞ্জীৰ তথ্য অনুসৰি ১৭৩১-৩৩ খৃষ্টাব্দৰ ভিতৰত ( ১৬৫৫ শক) আহোম স্বৰ্গদেও শিৱসিংহৰ পত্নী বৰৰাণী অম্বিকা কুঁৱৰীয়ে এটা বৃহৎ পুখুৰী খন্দাইছিল। এই পুখুৰীৰ পাৰতে ৰজাই পূজা কৰিবলৈ তিনিটা দৌল ক্ৰমে শিৱ দৌল, দেৱী দৌল আৰু বিষ্ণু দৌলৰ নিৰ্মাণ কৰিছিল।

সেই সময়ৰ পৰাই দেৱী দ’লত দুৰ্গা পূজাৰ অয়োজন কৰি অহা হৈছে। দেৱী দ’লত দুৰ্গাদেৱীৰ স্থায়ী মূৰ্তি আছে যদিও দুৰ্গাপূজাৰ সময়ত মাটিৰ মৃন্ময় মূৰ্তি নিৰ্মাণ কৰি প্ৰতিমা স্থাপন কৰি পূজা কৰা হয়।

দুৰ্গা পূজাৰ সময়ত দেৱী দ’লত আহোম যুগৰে পৰা বলি বিধানৰ পৰম্পৰা চলি আহিছে। অষ্টমীৰ দিনা ভক্তই নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে মাৰ চৰণত কোমোৰা, পাৰ, হাঁহ ছাগলীৰ বলি দি আহিছে। এইবাৰ অষ্টমীত ৪০০ ৰ পৰা ৫০০ হাঁহ, পাৰ, ছাগলী, কোমোৰা বলি দিয়া হ’ব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে।

আনহাতে এই ঐতিহাসিক দেৱী দ’ল নিৰ্মাণৰ সময়ৰ পৰাই আহোম, ৰাজ শাসনৰ অন্তৰ্ভুক্ত হিন্দু আৰু মুছলমান ধৰ্মাৱলম্বীৰ মাজত সমন্বয়ৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখি আহোম ৰজাই দেৱী দ’ল চোৱাচিতা আৰু নেগেৰা বাদ্য সংগত কৰাৰ দায়িত্ব এটা মুছলমান পৰিয়ালক অৰ্পন কৰিছিল।

দৌল চোৱাচিতা আৰু দ’লত নেগেৰা পৰিবেশন কৰা ইছলামধৰ্মী পৰিয়ালটোক দৌল্লা পৰিয়াল বুলি জনা যায়। দুৰ্গা পূজাত এই পৰিয়ালটোক সন্মান প্ৰদৰ্শন কৰি আহোম ৰজাই পূজাৰ নৈৱেদ্য প্ৰদান কৰিছিল।

তাৰোপৰি স্বৰ্গদেউ শিৱসিংহৰ দিনৰে পৰা বেতবাৰী মৌজাৰ কেন্দুগুৰিৰ বৰপাত্ৰগোহাঁই পৰিয়াললৈ দুৰ্গা পূজাৰ প্ৰসাদ প্ৰদানৰ পৰম্পৰা আছিল যদিও ১৯৪১ চনৰ পৰা এই পৰম্পৰা বন্ধ হৈ পৰিছিল।

এইবাৰ শিৱসাগৰ দ’ল উন্নয়ন সমিতি আৰু দুৰ্গা পূজা উদযাপন সমিতিয়ে অষ্টমীৰ দিনটোত দৌল্লা পৰিয়াললৈ পূজাৰ নৈৱেদ্য, এটা জীৱন্ত ছাগলী প্ৰদান কৰাৰ লগতে বৰপাত্ৰগোহাঁই পৰিয়াললৈ পূজাৰ প্ৰসাদ অৰ্পন কৰি ৰজাদিনীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখিব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে।