NORTHEAST NOW (Assamese)
অসম

“তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনত মিত্ৰজোঁট নিচ্ছিন্ন হব” অজিত কুমাৰ ভূঞা

Posted by: জাহ্নৱী বৰুৱা Updated by: জাহ্নৱী বৰুৱা April 6, 2021 2:45 pm
A AAAJJ

তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনত মিত্ৰজোঁট নিচ্ছিন্ন হব আৰু মহাজোঁটে ভবাতকৈ বেছি আসন লাভ কৰিবলৈ সক্ষম হব, এই দাবী  ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভুঞাৰ।

তেওঁ কয়” ভোট দানৰ হাৰ বঢ়া মানেই শাসক দলৰ বিৰুদ্ধে জয়ৰ ইংগিত। বিজেপি যি ষড়যন্ত্ৰ  ৰাজনীতি কৰিলে তাৰ পৰিণতিতে এতিয়া বিজেপিৰ নেতা সকলৰ মনত হতাশা দেখিবলৈ পোৱা গৈছে।বিজেপিয়ে কেৱল ভয় ভাবুকি দি ভয়ংকৰ ৰাজনীতি চলাইছে।”

“দিছপুৰত আমাৰ জয় নিশ্চিত, কাৰণ অতুল বৰাক মানুহে নাকচ কৰিছে। তেওঁ যি কথা দিছিলে ইমান দিনে সমষ্টিৰ মানুহে তাৰ একো ফলফল নেদেখিলে।সেইবাবে আমি তেওঁক দাঁত নথকা বুঢ়া বাঘ বুলিহে কব খোজো।” অতুল বৰাক উদ্দেশ্যি অজিত ভুঞাই কয়।