NORTHEAST NOW (Assamese)
Popular Stories

মহাকুম্ভৰ পদপিষ্ট কাণ্ডৰ ২ মাহৰ পাছতো পোৱা নাই ২৫ লাখ টকাৰ ক্ষতিপূৰণ! অভিযোগ পীড়িতৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 27, 2025 11:26 am

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহা কুম্ভত ভয়াবহ পদপিষ্ট কাণ্ডত ৩০ জন লোকৰ মৃত্যু হয়। যোগী আদিত্যনাথ চৰকাৰে মৃতকৰ পৰিয়ালক ২৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছিল। কিন্তু অভিযোগ যে এই ঘটনাৰ ২ মাহৰ পাছতো বহু পৰিয়ালে এতিয়াও এই ধন লাভ কৰা নাই। কেতিয়া লাভ কৰিব কোনেও নাজানে। এই পৰিস্থিতিত তেওঁলোকৰ মাজত অসন্তুষ্টি বাঢ়িছে।

পদপিষ্ট কাণ্ডৰ পাছত কেইবাটাও পৰিয়ালে যোগী প্ৰশাসনৰ পৰা উপযুক্ত সহায় লাভ নকৰাৰ অভিযোগ উত্থাপন কৰে। এই ঘটনাত আন ৰাজ্যৰ কেইবাজনো তীৰ্থযাত্ৰীৰ মৃত্যু হয়। ৰাজ্য চৰকাৰে ন্যূনতম নথি-পত্ৰও দিব নোৱাৰাৰ অভিযোগো তেওঁলোকৰ পৰিয়ালৰ লোকৰ। নোট লৈ মৃতদেহটো প্ৰেৰণ কৰা বুলিও অভিযোগ উত্থাপন হৈছিল।

মৃত্যু হোৱা ৩০ জন লোকৰ পৰিয়ালৰ অধিকাংশ সদস্যই বাৰে বাৰে অনুৰোধ কৰাৰ পাছতো ক্ষতিপূৰণ লাভ কৰা নাই বুলি দাবী কৰে। ইফালে একাংশ পৰিয়ালে মাত্ৰ ৫ লাখ টকাহে লাভ কৰা বুলি জানিব পৰা গৈছে। বাকী থকা ধন কেতিয়া পাব, বা আচলতে পাব নে নাই সেই কথা কোৱা হোৱা নাছিল। ইফালে এই অভিযোগ উত্থাপন হোৱাৰ লগে লগে যোগী প্ৰশাসনে কয় যে প্ৰয়াগৰাজ জিলা দণ্ডাধীশ ৰবীন্দ্ৰই মৃতকৰ পৰিয়ালৰ একাউণ্টলৈ আৰ্থিক সাহায্য প্ৰেৰণ কৰিছে। নথি-পত্ৰ থকা পৰিয়ালে প্ৰয়োজন হলে যোগাযোগ কৰিব পাৰে।

এই হুলস্থুলত প্ৰকৃততে কিমান লোকৰ মৃত্যু হৈছিল সেই লৈ কিছু বিতৰ্ক চলিছে। কাৰণ বেচৰকাৰী তথ্য অনুসৰি ৪০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। সাম্প্ৰতিক পৰিস্থিতিয়ে যোগী চৰকাৰৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। কাৰণ চৰকাৰে এতিয়াও মৃতকৰ তালিকা প্ৰকাশ কৰিব পৰা নাই।