NORTHEAST NOW (Assamese)

দেশৰ মাটিত পদাৰ্পন কৰিয়ে প্ৰথমে পিতৃৰ সমাধিত শ্ৰদ্ধাঞ্জলি যুৱ তাৰকা ব’লাৰ মহম্মদ চিৰাজৰ

January 21, 2021 6:46 pm · এন ই নাও নিউজ

অষ্ট্ৰেলিয়াৰ মাটিত ঐতিহাসিক টেষ্ট শৃংখলাত বিজয় সাব্যস্ত কৰাৰ পাছত দেশৰ মাটিত উপস্থিত হৈয়ে ঘৰলৈ যোৱাৰ পূৰ্বে স্বৰ্গগামী পিতৃৰ সমাধিলৈ গৈ সন্মান জনাই ভাৰতীয় দলৰ যুৱ বেগী বলাৰ মহম্মদ চিৰাজে।

মহম্মদ চিৰাজে হায়দৰাবাদ বিমান বন্দৰৰ পৰা পোনে পোনে পিতৃৰ সমাধি স্থলীলৈ যায়।

‘‘মই মোৰ পিতৃক কিছু সময় চোৱাৰ বাবে সমাধিলৈ গৈছিলো…..মই তেওঁৰ সৈতে কথা পাতিব পৰা নাছিলো যদিও তেওঁৰ সমাধিত ফুল অৰ্পন কৰো,’’ আৱেগিক হৈ মহম্মদ চিৰাজে কয়।

অষ্ট্ৰেলিয়াৰ মাটিত টি-২০ আৰু টেষ্ট শৃংখলাত বিজয় সাব্যস্ত কৰি ঘৰলৈ উভতি অহা ভাৰতীয় দলৰ বিজয়ত মহম্মদ চিৰাজে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

মহম্মদ চিৰাজে ভাৰতীয় দলৰ হৈ সৰ্বাধিক উইকেট দখল কৰিছিল।

উল্লেখযোগ্য যে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলা অনুষ্ঠিত হোৱাৰ পূৰ্বে মহম্মদ চিৰাজৰ পিতৃৰ বিয়োগ ঘটিছিল।

কোভিডৰ বাবে কঠোৰ কোৱাৰেণ্টাইনৰ নিয়ম পালন কৰিবলগীয়া হোৱা বাবে চিৰাজে ভাৰতলৈ উভতি আহিব পৰা নাছিল।

ডুবাইত আই পি এল চলি থকা সময়ৰে পৰা চিৰাজৰ পিতৃ অসুস্থ হৈ আছিল আৰু চিৰাজ অষ্ট্ৰেলিয়াত থকা সময়তে তেওঁৰ বিয়োগ ঘটিছিল।

পিতৃৰ বিয়োগৰ সময়ত বিৰাট কোহলীয়ে চিৰাজৰ মনোবল বৃদ্ধি কৰি কৈছিল, ‘মিঞা তুমি তোমাৰ পিতৃৰ বাবে এই শৃংখলাত উজলি উঠিব লাগিব।’’

অৱশেষত কোহলীৰ কথাই সঁচা প্ৰতিপন্ন হ’ল। অষ্ট্ৰেলিয়াৰ মাটিত হাতত ব’ল লৈ দুৰ্দান্ত চুয়িং আৰু বেগেৰে বিপদজনক হৈ পৰিল চিৰাজ। এয়া প্ৰয়াত পিতৃৰ বাবে এগৰাকী প্ৰকৃত পুত্ৰৰ হৃদয়বান শ্ৰদ্ধাঞ্জলি।

Related News