NORTHEAST NOW (Assamese)
অসম

পাকিস্তানত থকা মহাৰজা ৰঞ্জিত সিঙৰ প্ৰতিমুৰ্তিত দ্বিতীয় বাৰৰ বাবে দুৰ্বৃত্তৰ আক্ৰমণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 14, 2020 5:31 pm
পাকিস্তানত থকা মহাৰজা ৰঞ্জিত সিঙৰ প্ৰতিমুৰ্তিত দ্বিতীয় বাৰৰ বাবে দুৰ্বৃত্তৰ আক্ৰমণ

১৯ শতিকাৰ শিখ শাসনকৰ্তা মহাৰজা ৰঞ্জিত সিঙৰ লাহোৰ দুৰ্গত থকা প্ৰতিমুৰ্তি দ্বিতীয়বাৰৰ বাবে ক্ষতিগ্ৰস্ত কৰা হৈছে।

শ্বেৰ-ই-পঞ্জাৱ হিচাপ খ্যাত মহাৰজা ৰঞ্জিত সিঙৰ ব্ৰঞ্জৰ প্ৰতিমুৰ্তি লাহোৰ দুৰ্গত দৰ্শনাৰ্থী সকলৰ বাবে ৰখা হৈছিল।

লাহোৰ মহানগৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি এগৰাকী কিশোৰে মহাৰজা ৰঞ্জিত সিঙৰ প্ৰতিমুৰ্তিৰ হাত ভাঙি পেলাইছে।

উক্ত স্থানত নিয়োজিত হৈ থকা সুৰক্ষা কৰ্মীয়ে কিশোৰ গৰাকীক আটক কৰে আৰু আৰক্ষীৰ হাতত গটাই দিয়ে বুলিও জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও ২০১৯ চনৰ আগষ্টত পাকিস্তানৰ ইছলামিক দলৰ কেইগৰাকীমান সদস্যই মহাৰজা ৰঞ্জিত সিঙৰ প্ৰতিমুৰ্তি ধ্বংসৰ চেষ্টা কৰিছিল।

২০১৯ চনৰ জুন মাহত ভাৰত, পাকিস্তান আৰু অন্যান্য দেশৰ বহুসংখ্যক শিখ অতিথিৰ উপস্থিতিত মহাৰজা ৰঞ্জিত সিঙৰ প্ৰতিমুৰ্তিটো উন্মোচন কৰা হৈছিল।

সম্পুৰ্ণ শিখ সাজ-সজ্জাত সজ্জিত ৰঞ্জিত সিঙক হাতত তৰোৱাল হৈ এটা ঘোৰাৰ ওপৰত বহি থকা প্ৰতিমুৰ্তিটোত দেখুওৱা হৈছিল।

কলা ব্ৰঞ্জেৰে মহাৰজা ৰঞ্জিত সিঙৰ প্ৰতিমুৰ্তিটো নিৰ্মাণ কৰা হৈছিল।

পাকিস্তানত দ্বিতীয়বাৰৰ বাবে মহাৰজা ৰঞ্জিত সিঙৰ প্ৰতিমুৰ্তি ক্ষতিগ্ৰস্ত কৰা কাৰ্য্যক ভাৰতৰ লগতে বিশ্বৰ শিখ সম্প্ৰদায়ে একেলগে গৰিহনা দিছে।