NORTHEAST NOW (Assamese)
অসম

সৰিয়হৰ ডলিতে ভূত : মহাৰাষ্ট্ৰত মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানতেই চোৰৰ উপদ্ৰব

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 9, 2024 9:17 pm
সৰিয়হৰ ডলিতে ভূত : মহাৰাষ্ট্ৰত মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানতেই চোৰৰ উপদ্ৰব

বৃহস্পতিবাৰে শপত গ্ৰহণ কৰিলে মহাৰাষ্ট্ৰত নতুন মুখ্যমন্ত্ৰী  দেৱেন্দ্ৰ ফাড়নবিছে। মহাৰাষ্ট্ৰৰ আজাদ ময়দানত দেৱেন্দ্ৰ ফাড়নবিছে শপত গ্ৰহণ কৰে।

কিন্তু এই অনুষ্ঠানত চোৰে কৰে উপদ্ৰব। চোৰে বহু লোকৰ পৰা লুটি নিয়ে নগদ ধন, আ-অলংকাৰকে ধৰি মূল্যৱান সামগ্রী।

প্রায় ৫০ হেজাৰ লোক উপস্থিত আছিল এই শপতগ্রহণ অনুষ্ঠানত। তাৰএ প্ৰায় ১৫ গৰাকী লোকৰ পৰা চোৰে লৈ যায় টকা, গহণা আৰু মোবাইল।

চুৰি সন্দৰ্ভত ভাৰতীয় ন্যায় সংহিতাৰ ৩০৩ (২) ধাৰাৰ অধীনত ১৩ খন এজেহাৰ ৰুজু কৰা হৈছে।

আৰক্ষীয়ে অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰি শপতগ্রহণ অনুষ্ঠানত লগোৱা চি চি টিভি ফুটেজ পৰীক্ষা কৰি চোৰৰ সন্ধান চলাইছে।