NORTHEAST NOW (Assamese)
অসম

অশ্লীল ছবি নিৰ্মাণ কৰি শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাই অৰ্জন কৰিছিল ১.১৭ কোটি টকা!

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 21, 2022 4:45 pm

বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাই সহজে ধন ঘটাৰ পথ হিচাবে অশ্লীল ছবি নিৰ্মাণৰ কামত হাত দিছিল। তেনে ছবি নিৰ্মাণ কৰি তেওঁ এটা বছৰতে ১.১৭ কোটি টকা অৰ্জন কৰিবলৈও সক্ষম হৈছিল। আজি মুম্বাই আৰক্ষীয়ে এই তথ্য সদৰী কৰে।

উল্লেখ্য বিভিন্ন প্ৰমাণৰ ভিত্তিত অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰৰ পিছতে তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল যদিও তেওঁ বৰ্তমান কাৰাগাৰৰ পৰা মুক্ত হৈ পৰিয়ালৰ সৈতে আছে।

অশ্নীল ছবিৰ গোচৰটোত অভিনেত্ৰী পুনম পাণ্ডে আৰু শ্বেৰলিন চোপ্ৰাৰো নাম ওলাইছিল। কিন্তু জামিন লাভ কৰাৰ বাবেই তেওঁলোকে কাৰাগাৰলৈ যাবলগীয়া হোৱা নাছিল। মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ৰাজ কুন্দ্ৰাই মুম্বাইৰ কেইখনমান বিশেষ হোটেলত তেনে অশ্লীল ছবিৰ দৃশ্যগ্ৰহণ কৰিছিল।

পিছত সেই ছছবিবোৰ অটিটি প্লেটপৰ্ণত এৰি দি ধন ঘটিছিল। আৰক্ষীৰ মতে ২০২০ চনৰ আগষ্ট আৰু ডিচেম্বৰ মাহৰ ভিতৰত কুন্দ্ৰাই ব্যৱসায়ৰ পৰা কমেও ১.১৭ কোটি টকা লাভ কৰিছিল।