NORTHEAST NOW (Assamese)
Popular Stories

৫০টা নাহৰফুটুকীক বনতাৰালৈ স্থানান্তৰিত কৰাৰ প্ৰস্তাৱ মহাৰাষ্ট্ৰ চৰকাৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 10, 2025 1:59 pm

মহাৰাষ্ট্ৰ চৰকাৰে আম্বানী গ্ৰুপৰ মালিকানাধীন গুজৰাটৰ জামনগৰৰ পশু পুনৰ্বাসন কেন্দ্ৰ বনতাৰালৈ ৫০টা নাহৰফুটুকীক স্থানান্তৰিত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। ছয় নৱেম্বৰলৈকে কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষক অনুমোদন বিচৰা প্ৰস্তাৱ দাখিল কৰা হৈছে বুলি নিশ্চিত কৰিছে বন সংৰক্ষক মুখ্য জীতেন্দ্ৰ ৰামগাঁওকাৰে।

উল্লেখ্য যে পশ্চিম মহাৰাষ্ট্ৰত বৃদ্ধি পাইছে মানুহ-নাহৰফুটুকী সংঘাতৰ ঘটনা। দুই নৱেম্বৰত পুনে জিলাৰ শ্বিৰুৰ অঞ্চলত ১৩ বছৰীয়া এজন লৰাৰ মৃত্যু হয়। বাৰ অক্টোবৰৰ পাছত এইটো এনেধৰণৰ তৃতীয়টো মৃত্যু।এই ধাৰাবাহিক নাহৰফুটুকী আক্ৰমণে জিলাখনৰ জুননাৰ, শ্বিৰুৰ, আম্বেগাঁও আৰু খেদ তালুকত আতংক আৰু জনক্ষোভৰ সৃষ্টি কৰিছে, যত নাহৰফুটুকীৰ সংখ্যা তীব্ৰভাৱে বৃদ্ধি পাইছে।

মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে কয় যে পুনে আৰু অহিল্যানগৰ জিলাত প্ৰায় ১৩০০ নাহৰফুটুকী আছে। জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বন্ধ্যাকৰণৰ অনুমতি বিচাৰি আমি কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈছো আৰু প্ৰয়োজন অনুসৰি মানুহ খোৱা নাহৰফুটুকীক হত্যা কৰিছোঁ।