NORTHEAST NOW (Assamese)

চাৰিগৰাকী কৰ্মচাৰীৰ শৰীৰত কোভিড-১৯-ৰ উপস্থিতি ধৰা পৰাৰ পাছত মহাৰাষ্ট্ৰত দুদিনৰ বাবে বন্ধ সচিবালয়

April 29, 2020 9:28 am · এন ই নাও নিউজ
মহাৰাষ্ট্ৰ সচিবালয়

মহাৰাষ্ট্ৰ সচিবালয়ত কৰ্মৰত চাৰিগৰাকী কৰ্মচাৰীৰ দেহত মৰাত্মক ক’ৰ’না মহামাৰীৰ উপস্থিতি ধৰা পৰাৰ পাছত মহাৰাষ্ট্ৰ চৰকাৰে চেনিটাইজ কৰাৰ বাবে দুদিনৰ বাবে মহাৰাষ্ট্ৰ সচিবালয় বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।

মহাৰাষ্ট্ৰ সচিবালয়ৰ মুখ্য ভৱনতে মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰে আৰু সকলোবোৰ মন্ত্ৰী আৰু সচিৱৰ কাৰ্য্যালয় আছে।

আক্ৰান্ত কৰ্মচাৰী চাৰিগৰাকীক মহাৰাষ্ট্ৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে।

মহাৰাষ্ট্ৰত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ সময়ত এনেদৰে দুদিন সচিৱালয় বন্ধ ৰাখিবলগীয়া হোৱা কথাটোৱে সাধাৰণ লোকক চিন্তিত কৰি তুলিছে।

উল্লেখযোগ্য যে, দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক সংখ্যক লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

মহাৰাষ্ট্ৰত বৰ্তমানলৈ ৯,৩১৮ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৪০০ গৰাকী লোকৰ এই পৰ্যন্ত মৃত্যু হৈছে।

মহাৰাষ্ট্ৰৰ মুম্বাইতে বৰ্তমানলৈ ৬১৬৯ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

আনহাতে, বৰ্তমানলৈ ১৩৮৮ গৰাকী লোক মহাৰাষ্ট্ৰত ক’ৰ’নাৰ পৰা আৰোগ্য লাভ কৰি চিকিৎসালয়ৰ পৰা মুক্ত হৈছে।

Related News