প্ৰয়াত অভিনেত্ৰী জিয়া খানেৰে ঘনিষ্ঠ আছিল মহেশ ভাট! : কি আছে ভাইৰেল হোৱা পুৰণি ভিডিঅ’ত

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাই কঁপাই যোৱা বলিউদৰ কম্পনাংক এতিয়া স্তিমিত হোৱা নাই।
সুশান্ত ৰাজপুতৰ মৃত্যুৱে বলিউদৰ লবীকেন্দ্ৰিক আৰু স্বজন-পোষনৰ এখন ভয়ানক ছবি উন্মোচিত কৰিলে।
কোন নাই এই নেপোটিজমত? কোনোবা যদি নেপোটিজমৰ বাহক আৰু কোনো আকৌ সেই ঘাটক নপোটিজমৰ চিকাৰ।
সুশান্তৰ মৃত্যুৰ পিছত সমগ্ৰ দেশতে এই নেপোটিজমৰ বিৰুদ্ধে জোৱাৰ উঠিছে।
নিশ্চূপ হৈ আছে নেপোটিজমৰ ধাৰক-বাহকসকল।
বলিউদৰ চুপাষ্টাৰ চলমান খান, কৰণ জোহৰ, চোনম কাপুৰ, আলিয়া ভাট, মহেশ ভাট আদিকে ধৰি বহু তাৰকাক সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বাবে জগৰীয়া কৰিছে সুশান্তৰ অনুৰাগীসকলে।
বিশেষকৈ মহেশ ভাটৰ প্ৰতি তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰিছে সুশান্ত সিং ৰাজপুতৰ অনুৰাগীসকলে।
সুশান্ত সিং ৰাজপুতৰ প্ৰেমিকা ৰীয়া চক্ৰৱৰ্তীৰ সৈতে মহেশ ভাটৰ অস্বাভাৱিক সম্পৰ্ক আছে বুলি অভিযোগ উত্থাপন কৰা হৈছে।
আনকি ৰীয়া চক্ৰৱৰ্তীক সুশান্তৰ পৰা আঁতৰি আহিবলৈ পৰোচিত কৰা বুলিও মহেশ ভাটৰ বিৰুদ্ধে তথ্য প্ৰমাণ ফাদিল হৈছে।
এই মহেশ ভাটে ষোড়শী গাভৰুক চিকাৰ কৰে বুলি অভিযোগ আছে বলিউদত।
অলপতে প্ৰয়াত অভিনেত্ৰী জীয়া খানৰ সৈতে মহেশ ভাটৰ এটা দৃষ্টিকটূ ভিডিঅ’ ভাইৰেল হৈছে।
এই ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে পুনৰ মহেশ ভাটক আক্ৰমণ কৰিছে বিভিন্ন পক্ষই।
উল্লেখ্য যে, ২০১৬ চনৰ ১ আগষ্টত বলিউদৰ অভিনেত্ৰী জীয়া খানে মানসিক হতাশাগ্ৰস্ততাত ভুগি আত্মহত্যা কৰিছিল।
এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত অসংখ্য লোকে মহেশ ভাটক ‘সৰু ছোৱালী প্ৰতি আসক্ত এজন বিকৃত মানসিকতাৰ মানুহ’ বুলি আখ্যা দিছে।
“এই মানুহটোক পগলাখানাত ভৰাই থ’ব লাগে।” কিছুৱে এই বুলিও মন্তব্য কৰিছে সামাজিক মাধ্যমত।