NORTHEAST NOW (Assamese)

মোদীয়ে কয় বেটী পঢ়াও বেটী বচাও, আমি কওঁ বিজেপি নেতাৰ পৰা বেটীসকলক বচাওক : সুস্মিতা দেব

August 14, 2018 3:14 pm · কল্পজ্যোতি শইকীয়া
গুৱাহাটীত মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইৰ জুমুঠি দাহ মহিলা কংগ্ৰেছৰ। ফটো: নৰ্থইষ্ট নাও

‘তদন্ত প্ৰক্ৰিয়া চলি থকালৈকে ৰাজেন গোঁহাইক মন্ত্ৰিত্ব তথা সাংসদ পদৰ পৰা অৱ্যাহতি দিব লাগে। কাৰণ তেওঁৰ মন্ত্ৰিত্বৰ যি ক্ষমতা তাৰ অপ প্ৰয়োগ কৰিছে,’’-এই মন্তব্য কংগ্ৰেছ সাংসদ সুস্মিতা দেবৰ।

ৰাজেন গোহাঁইৰ বিৰুদ্ধে ধৰ্ষণৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰি সুস্মিতা দেবৰ নেতৃত্বত আজি অসম প্ৰদেশ মহিলা কংগ্ৰেছে ১৪৪ ধাৰা চলি থকাৰ মাজতে মহানগৰীত উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে।

গুৱাহাটীত মঙলবাৰে ৰাজেন গোঁহাইৰ পদত্যাগৰ দাবীত মহিলা কংগ্ৰেছৰ প্ৰতিবাদী সমদল। ফটো : নৰ্থইষ্ট নাও

দিনৰ ১২-৪৫ বজাত দিচপুৰস্থিত মানৱেন্দ্ৰ শৰ্মা চৌহদৰ পৰা এই প্ৰতিবাদী সমদল আৰম্ভ হয়। মানবেন্দ্ৰ শৰ্মা চৌহদৰ পৰা ওলাই প্ৰতিবাদী সমদলটো লাষ্টগেট পৰ্যন্ত আগবাঢ়ি যায়। সমদলৰ অন্তত ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদকাৰীসকলে ৰাজেন গোহাঁইৰ জুমুঠি দাহ কৰে।

প্ৰতিবাদকাৰীসকলে ৰাজেন গোহাঁইৰ পদত্যাগৰ লগতে লগতে তেওঁক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী তোলে। আনহাতে, পৰৱৰ্তী পৰ্য্যায়ত ৰাজেন গোহাঁইৰ বিৰুদ্ধে আদালতৰ কাষ চপাৰ লগতে তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে মহিলা কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত মহিলা প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী শ্বেহনাজ য়াছমিন হক আৰু কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মায়ো অংশগ্ৰহণ কৰে।

সাংসদ সুস্মিতা দেবে কয়, ‘’ভুক্তভোগী নাৰীগৰাকীয়ে গোচৰ ৰুজু কৰাৰ পাছত ফোনযোগে তেওঁৰ স্বামীক বেয়াকৈ গালি গালাজ পাৰিছে। এগৰাকী মন্ত্ৰী হিচাপে এনে কৰা অনুচিত। যদি অভিযোগ অসত্য তেন্তে আদালতত গৈ সেইটো প্ৰমাণ কৰিব লাগে। তাৰ পৰিৱৰ্তে মহিলাগৰাকীৰ স্বামীক এনেধৰণে গালি গালাজ পৰাটো আইন বহিৰ্ভূত কাম।‘’

দেবে লগতে কয়, ‘’এইক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী কিয় মনে মনে আছে ? তেওঁ এগৰাকী গৃহ মন্ত্ৰী হিচাপে বিষয়টোত গুৰুত্ব আৰোপ কৰাটো তেওঁৰ কৰ্তব্য। আজি সমগ্ৰ ৰাজ্যতে ১৪৪ ধাৰা জাৰি হৈ থকা কাৰণে আন্দোলনটো বৰ বেছি ব্যাপক হোৱা নাই। কিন্তু পৰৱৰ্তী পৰ্য্যায়ত ব্লক, জিলা পৰ্য্যায়ত ইয়াতকৈও বেছি ভয়াবহ আন্দোলন গঢ়ি তোলা হ’ব।‘’

আনহাতে, প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থকা কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাই মন্তব্য কৰে যে গোচৰটো উঠাই লোৱা মানেই যে তেওঁ দোষী নহয় সেইটো ক’ব নোৱাৰি। কাৰণ ইয়াতো হয়তো ৰাজনৈতিক ষড়যন্ত্ৰ জড়িত হৈ থাকিব পাৰে আৰু এনেদৰে হ’লে অসমৰ মহিলাসকলৰ বাবে ভাবুকি আহিব।

Related News