NORTHEAST NOW (Assamese)

কমল হাছানৰ নিৰ্মীয়মান ছবি ‘ইণ্ডিয়ান টু’ শ্বুটিং চেটত ভয়ংকৰ দুৰ্ঘটনা, নিহত ৩, আহত ১০

February 20, 2020 11:53 am · এন ই নাও নিউজ

দক্ষিণৰ প্ৰসিদ্ধ চুপাৰষ্টাৰ কমল হাছানৰ নিৰ্মীয়মান ছবি ইণ্ডিয়ান ২ ৰ শ্বুটিং চেটত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা।

যোৱা ৰাতি চেন্নাইত শ্বুটিং চলি থকা অৱস্থাত ক্ৰেন ভাঙি যোৱাৰ ফলতে উক্ত ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে।

ভয়ংকৰ দুৰ্ঘটনাটোত ৩ জন লোক নিহত হোৱাৰ লগতে ১০ জন লোক আহত হৈছে।

নিহত লোক তিনিজন ছবিখনৰ সহকাৰী পৰিচালক মধু, কৃষ্ণ আৰু কলা নিৰ্দেশক চন্দ্ৰন বুলি জানিব পৰা গৈছে।

আহত ১০ জন  লোকক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হয়।

ভয়ংকৰ দুৰ্ঘটাটোত গভীৰ দুখ প্ৰকাশ কৰিছে চুপাৰষ্টাৰ কমল হাছানে। নিজৰ টুইটাৰ একাউন্টত টুইট কৰি কমল হাছানে কয়, ‘মই জীৱনত বহু দুৰ্ঘটনাৰ সন্মুখীন হৈছো, কিন্তু আজিৰটো অতি ভয়ংকৰবোৰ এটা। মই তিনিজন সহকৰ্মীক হেৰুৱালো। শোক সন্তপ্ত পৰিয়ালৰ সদস্যসকলৰ যন্ত্ৰণা মোৰ যন্ত্ৰণাতকৈ বহু বেছি। তেওঁলোকৰ এজন হৈ ময়ো শোক প্ৰকাশ কৰিছো। মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।’

নিৰ্মীয়মান ছবিখনত কমল হাছানে সেনাপতি চৰিত্ৰটোত অভিনয় কৰা বিপৰীতে কাগজ আগৰৱালা, ৰাকুল প্ৰীত, সিদ্ধাৰ্থ আদিয়েও অভিনয় কৰিছে। ছবিখনৰ পিছৰ পৰ্যায়ৰ শ্বুটিং চীনত কৰাৰ কথা আছিল যদিও চীনত মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছৰ বাবে সেই শ্বুটিং সূচী বাতিল কৰা হৈছে।

২০২১ বৰ্ষৰ প্ৰথম ভাগত ইণ্ডিয়ান ২ ৱে  ছবি ঘৰত মুক্তি পোৱা সম্ভাৱনা আছে।

Related News