NORTHEAST NOW (Assamese)
অসম

মহানগৰীত সুৰা-পায়ী চালকৰ তাণ্ডৱ: ৰেলিং ভাঙি নলাত সোমাল চাৰিচকীয়া বাহন

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 30, 2020 1:06 pm
WhatsApp Image 2020-08-30 at 12.37.27 PM

সাপ্তাহিক লকডাউন চলি থকাৰ মাজতে নিশা মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

গুৱাহাটী ক্লাবৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

শনিবাৰে নিশা প্ৰায় ১২ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়।

সুৰাপান কৰি বাহন চলোৱাৰ বাবে গাড়ীৰ নিয়ন্ত্ৰণ হেৰুৱাই উৰণীয়া সেতুৰ ৰেলিং ভাঙি বাহনখন নলাত পৰে।

দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ নম্বৰ হৈছে AS 01 BM 3032 ।

বাহনখনত থকা দুজন ব্যক্তি গুৰুতৰ ভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

বৰ্তমানলৈকে লোক দুজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

আহত লোক দুজনক নিশাই GMCHলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।

ইপিনে, লকডাউন চলি থকাৰ মাজতে সুৰাপান কৰি এনে দুৰ্ঘটনা কেনেকৈ সংঘটিত হ’ল বা নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা মহানগৰীত এনেদৰে কেনেকৈ সুৰাপান কৰি বাহন চলোৱাৰ সুযোগ পালে তাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।