NORTHEAST NOW (Assamese)
অসম

১জাক বৰষুণতে জলমগ্ন শিৱসাগৰ চহৰ; অনশনৰত চাফাই কৰ্মী, ভৰিছে নলা-নৰ্দমা

Posted by: পাৰ্শ্বজ্যোতি গগৈ August 24, 2018 8:45 pm
flood in sivasagar town

হঠাৎ অহা এজাক প্ৰবল বৰষুণে বুৰাই পেলাই শিৱসাগৰ চহৰৰ বহু অঞ্চল। শুকুৰবাৰে দিনৰ প্ৰায় ২ মান বজাত অহা এইজাক বৰষুণৰ ফলত চহৰৰ প্ৰায়বোৰ ৰাজপথ পানীৰ তলত বুৰ যায়। যাৰ বাবে জনসাধাৰণে যাতায়াতত ব্যাপক অসুবিধাৰ সন্মুখীন হ’ব লগা হয়।

চহৰৰ আমোলাপট্টী, কেন্দ্ৰীয় বজাৰ, ব’ৰ্ডিং ৰোড, দলমুখ চাৰিআলি, পুৰণা চক বজাৰ পথ, মেলাচকৰ, গণকপট্টী, গোহাঁই চুক, অ’এনজিচি কলনি আদিকে ধৰি বিভিন্ন অঞ্চল বুৰ যায় এইজাক মুষলধাৰ বৰষুণত।

পথৰ কাষৰ নলা নৰ্দমাৰ গেলা পচা বস্তু, পলিথিন, প্লাষ্টিকৰ বটল আদিৰে ভৰি পৰে শিৱসাগৰৰ নগৰৰ বাট পথ।

তাৎপৰ্য্যপূৰ্ণ যে, শিৱসাগৰ পৌৰসভাই চহৰৰ নলা-নৰ্দমাবোৰ সঠিকভাৱে নিৰ্মাণ নকৰাৰ পৰিপ্ৰেক্ষিতত আৰু সময় মতে নলা নৰ্দমাবিলাক চাফা নকৰাৰ বাবে বহু পথেৰে পানী ওলাই যাব নোৱাৰে। যাৰ বাবে বহু কেইটা পথত এজাক বৰষুণতে একাঁঠু পানীৰ সৃষ্টি হয়।

আনহাতে শিৱসাগৰ পৌৰসভাৰ চাফাই কৰ্মচাৰীসকলে তেওঁলোকৰ বিভিন্ন দাবী পূৰণৰ বাবে ২ দিন ধৰি ধৰ্মঘট কৰি থকাৰ বাবে শিৱসাগৰ চহৰৰ ৰাস্তা ঘাট, ডাস্তবিন আদি চফা কৰাৰ পৰা বিৰত আছে। যাৰ বাবে চহৰৰ বিভিন্ন অঞ্চলত দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে।