NORTHEAST NOW (Assamese)
অসম

পদমৰ্য্যাদা হ্ৰাস কৰাৰ সম্ভাৱনা মে’জৰ লিতুল গগৈৰ

Posted by: এন ই নাও নিউজ March 31, 2019 10:56 pm
major leetul gogoi

শ্ৰীনগৰৰ এগৰাকী স্থানীয় মহিলাৰ সৈতে “বন্ধুত্ব”ৰ শাস্তিৰূপে পদ অৱনমনৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে ২০১৭ চনত “মানৱ ঢাল” বিতৰ্কৰ কেন্দ্ৰ হৈ পৰা মে’জৰ লিতুল গগৈ।

বাতৰি অনুসৰি মে’জৰ গগৈৰ বিৰুদ্ধে সেনাৰ ক’ৰ্ট মাৰ্শ্বাল প্ৰক্ৰিয়া সমাপ্ত হৈছে।

গগৈৰ গাড়ীচালক সমীৰ মল্লৰ বিৰুদ্ধেও অন্ত পৰিছে ক’ৰ্ট মাৰ্শ্বাল প্ৰক্ৰিয়া আৰু তেৱোঁ সন্মুখীন হ’ব পাৰে “কঠোৰ ব্যৱস্থা”ৰ। ইউনিটত অকৰ্তৃত্বশীলভাৱে অনুপস্থিত থকাৰ অভিযোগত অভিযুক্ত মল্ল।

তেওঁলোক দুয়োজনৰ বিৰুদ্ধে ফেব্ৰুৱাৰিৰ আগভাগতে “চামাৰি অৱ এভিদেন্স”ৰ সম্পূৰ্তিৰ পিছ্ত ক’ৰ্ট মাৰ্শ্বাল প্ৰক্ৰিয়াৰ অন্তত, দুয়োজনকে দুটা দোষত দোষী সাব্যস্ত কৰা হৈছে— বিপৰীত নিৰ্দেশ থকাৰ পিছতো স্থানীয় লোকৰ সৈতে “বন্ধুত্ব” গঢ়ি তোলা আৰু “অভিযানথলীত কৰ্তব্যত অনুপস্থিত থকা”, বিভাগীয় বক্তব্য।

লগতে পঢ়ক– মে’জৰ লিতুল গগৈ দোষী সাব্যস্ত, সন্মুখীন হ’ব পাৰে ক’ৰ্ট মাৰ্শ্বালৰো

সেনা আদালতে অভিযুক্তৰ লগতে অন্যান্যৰ সাক্ষ্য গ্ৰহণ কৰিছে আৰু শাস্তি ঘোষণা কৰা হৈছে— যিটো পৰীক্ষা কৰিব সেনা মুখ্যালয়ে, তেওঁলোকে লগতে কয়।

যোৱা বছৰ ২৩ মে’ত শ্ৰীনগৰৰ এখন হোটেলত সংঘটিত ঘটনাটোৰ পিছতে সেনাৰ ক’ৰ্ট অৱ এনকুৱাৰিয়ে গগৈৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থাৰ পৰামৰ্শ আগবঢ়াইছিল।

অভিযোগমতে ১৮ বছৰীয়া স্থানীয় এগৰাকী যুৱতীৰ সৈতে হোটেলখনত সোমাব খোজোতে হোটেলৰ কৰ্মচাৰীৰ সৈতে তৰ্কাতৰ্কিৰ পিছত আৰক্ষীয়ে গগৈক আটক কৰিছিল।

যুৱতীগৰাকীয়ে ক’ৰ্ট মাৰ্শ্বালত উপস্থিত হ’বলৈ অস্বীকাৰ কৰিছিল আৰু দণ্ডাধীশৰ সন্মুখত তেওঁ দিয়া সাক্ষ্যই তেওঁৰ চূড়ান্ত বক্তব্য বুলি জনাইছিল।

যুৱ্তীগৰাকীয়ে মে’জৰ গগৈৰ সৈতে স্ব-ইচ্ছাই যোৱা বুলি উল্লেখ কৰি জনাইছিল যে “উবেইদ আৰ্মান” নামত থকা সেনা বিষয়াজনৰ ভুৱা ফে’চবুক একাউণ্টযোগে তেওঁলোকৰ বন্ধুত্ব হৈছিল।