NORTHEAST NOW (Assamese)
অসম

পহিলা বহাগতে খুমটাইত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত ২, আহত দুই

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন April 15, 2021 9:05 pm
Golaghat

গোলাঘাটত পহিলা বহাগতে সংঘটিত হ’ল শোকাৱহ পথ দুৰ্ঘটনা।

খুমটাই কচুপথাৰৰ ধোদৰ আলিত এই দুৰ্ঘটনা। দুৰ্ঘটনাত দুজন নিহত এজন গুৰুত্বৰভাৱে আহত।

নিহত দুজনৰ নাম হিৰণ্য গগৈ আৰু জ্যোতিষ্মান গগৈ। গুৰুত্বৰ ভাৱে আহত হয় লাচিত গগৈ।

ঘটনা বিৱৰণীৰ মতে AS05E-9229 নম্বৰৰ পালচাৰ বাইকত কমাৰগাঁও দিশে উঠি গৈছিল তিনিওজন।

তীব্ৰ বেগেৰে চলোৱাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত হয় দুৰ্ঘটনাটো।

পথৰ কাষৰ পিলাৰত খুন্দা মৰাৰ পিছতেই তীব্ৰ গতিৰে এজোপা গছত খুন্দা মৰাৰ পিছত সংঘটিত হয় দুৰ্ঘটনাটো।

নিহত দুজনৰ ঘৰ খুমটাই লেটেকুআলি আৰু গুৰুত্বৰ ভাৱে আহত লাচিত গগৈৰ ঘৰ খুমটাই কেৰেলাচুকত।