NORTHEAST NOW (Assamese)
অসম

তেজস্বীতাৰ মৃত্যুৱে জোকাৰিছে চৰকাৰক, চিকিৎসকক নিলম্বন কৰিয়েই দায় সৰাৰ চেষ্টা চৰকাৰৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 6, 2022 11:26 am

ৰাজ্যত যেন এতিয়া সাধাৰণ লোকৰ মৃত্যু চৰকাৰৰ বাবে এক গুৰুত্বহীন কথা হৈ পৰিছে। মাজুলীকলৈ এশএবুৰি সপোন দেখুওৱা চৰকাৰৰ মিথ্যাচাৰ শেহতীয়াকৈ প্ৰতিভাসম্পন্ন তেজস্বীতা বৰুৱাৰ মৃত্যুৱে উদঙাই দিছে।

প্ৰমাণ হৈছে মাজুলীৰ প্ৰতি চৰকাৰ কিমান দায়বদ্ধ । ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলীৰ ভাগিনহঁতৰ লগত একেলগে ভোজভাত খাই আহিল যদিও ভাগিনৰ স্বাস্থ্যৰ বিষয়টোকলৈ যেন মুখ্যমন্ত্ৰীয়ে কোনো দিনেই চিন্তা নকৰিলে।তাৰেই ফল ভোগ কৰিবলগীয়া হ’ল তেজস্বীতা বৰুৱাৰ দৰে উঠি অহা এটি প্ৰতিভাই।

বিজয়া দশমী আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাব তিথিৰ আনন্দৰ মাজতে মাজুলীৰ ১৪ বছৰীয়া তেজস্বীতা বৰুৱাই গীত পৰিবেশন কৰিবলৈ যোৱাৰ সময়তে হঠাতে অসুস্থ হৈ পৰিছিল।তেওঁক লগে লগে গড়মূৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে।বিভিন্ন জনে অভিযোগ কৰা অনুসৰি চিকিৎসালয়খনত পৰ্যাপ্ত অক্সিজেন চিলিণ্ডাৰ নথকাৰ বাবেই তেজস্বীতাই কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হয়।

এই ঘটনাৰ পিছতে বহুতে বিষয়টোৰ এক তদন্ত দাবী কৰিছে। ইপিনে চৰকাৰে নিজৰ ব্যৰ্থতা ঢাকিবলৈ গড়মূৰ অসামৰিক চিকিৎসালয় অধীক্ষক অমূল্য গোস্বামীক নিলম্বন কৰিছে। গোস্বামীৰ ঠাইত ডাঃ কিশোৰ কামানক সেই দায়িত্ব প্ৰদান কৰা হৈছে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তয়ো আজি মাজুলীলৈ যোৱাৰ কথা ।ইপিনে তেজস্বীতা বৰুৱাৰ মৃত্যুত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ হোৱা বুলি ফেচবুকত সদৰী কৰিলে স্থানীয় বিধায়ক ভুবন গামে।