NORTHEAST NOW (Assamese)
দেশ

ৰাজনৈতিক সংকটত অতিষ্ঠ: মহাৰাষ্ট্ৰৰ কাৰ্যকৰী মুখ্যমন্ত্ৰী হোৱাৰ মন মেলি ৰাজ্যপাললৈ প্ৰেৰণ কৰিলে পত্ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 24, 2022 9:16 pm
Maharashtra Political Crisis

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক অস্থিৰতা দেশৰ ৰাজনৈতিক মহলত বৰ্তমান চৰ্চাৰ শীৰ্ষত আছে। এই ৰাজনৈতিক সংকটৰ ফলশ্ৰুতিত ক্ষমতা হেৰুওৱাৰ আশংকাত ভুগিছে উদ্ধৱ ঠাকৰেৰ চৰকাৰে। পিছে এই সংকটৰ মাজতে আন এক খবৰে ব্যাপক চৰ্চা লাভ কৰিছে।

ৰাজ্যখনৰ বিড জিলাৰ এজন ব্যক্তিয়ে ৰাজ্যপাল ভগত সিং কোশিয়াৰীলৈ চিঠি লিখি তেওঁক ৰাজ্যখনৰ কাৰ্যকৰী মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ দাবী তুলিছে।

কেজ তহচিলৰ দহিফালৰ বাসিন্দা শ্ৰীকান্ত গাদাল নামৰ লোকজনে নিজকে কাৰ্যকৰী মুখ্যমন্ত্ৰীৰ বাবে যোগ্য দাবী কৰি ৰাজ্যপাললৈ এখন পত্ৰ লিখিছে। ইতিমধ্যে জিলা উপায়ুক্তৰ কাৰ্যালয়ত এই পত্ৰ দাখিল কৰিছে গাদালে।

গাদালে তেওঁৰ পত্ৰত দাবী কৰিছে যে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই সাধাৰণ লোকৰ সমস্যাক অৱহেলা কৰিছে আৰু ৰাজ্যখনত কৃষকসকলক কোনো ধৰণৰ সহায় কৰা নাই।

পত্ৰখনত গাডালে লিখিছে, “মই ১০ ৰ পৰা ১২ বছৰ ধৰি ৰাজনীতি আৰু সামাজিক ক্ষেত্ৰত জড়িত আছো আৰু কৃষক আৰু দৰিদ্ৰ লোকসকলৰ সমস্যাৰ বাবে কাম কৰিছো। পাৰিপাৰ্শ্বিক দুৰ্যোগৰ বাবে, ৰাজ্যখনে লোকচানৰ সন্মুখীন হৈছে। আশা কৰা হৈছিল যে চৰকাৰে তাৎক্ষণিক সকাহ দিব, কিন্তু কাৰ্যত: সেয়া হোৱা নাছিল।”

সেয়ে এনে পৰিস্থিতিত গাডালে জনসাধাৰণৰ উপকৃত হোৱাকৈ কাম কৰিবৰ বাবে তেওঁক এটা সুযোগ দিবলৈ আহ্বান জনাইছে আৰু ৰাজ্যপালক কাৰ্যকৰী মুখ্যমন্ত্ৰী হিচাপে তেওঁক নিযুক্তি দিবলৈ অনুৰোধ কৰিছে।

তেওঁ লগতে নিবনুৱাক বৃত্তিত নিযুক্তি, কৃষক, কৃষি শ্ৰমিক আৰু কুঁহিয়াৰ খেতিয়কসকলৰ সমস্যা সমাধান কৰিব বুলিও প্ৰতিশ্ৰুতি দিছে।