NORTHEAST NOW (Assamese)
Popular Stories

মালদাৰ মোথাবাৰী কাণ্ড: মাত্ৰ দুমাহৰ ভিতৰত এন আই এক তদন্ত শেষ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 11, 2026 3:27 pm

মালদা জিলাৰ মোথাবাৰী কাণ্ডক লৈ উচ্চতম ন্যায়ালয়ে এক কঠোৰ নিৰ্দেশ দিছে। সোমবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে স্পষ্টভাৱে জনাই দিয়ে যে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা অৰ্থাৎ এন আই এয়ে অহা দুমাহৰ ভিতৰত এই ঘটনাৰ তদন্ত সম্পূৰ্ণ কৰিব লাগিব। তদন্ত শেষ হোৱাৰ পাছতে তেওঁলোকে চাৰ্জশ্বীট দাখিল কৰিব লাগিব। ইতিমধ্যে ৰাজ্যিক আৰক্ষীয়ে দাখিল কৰা ১২ খন এজাহাৰৰ ভিত্তিত এন আই এয়ে তদন্ত আৰম্ভ কৰিছে আৰু আদালতত এখন প্ৰাথমিক প্ৰতিবেদনো জমা দিছে।

এই সমগ্ৰ ঘটনাটো যোৱা ১ এপ্ৰিল তাৰিখে মালদাৰ কলিয়াচাক অঞ্চলত সংঘটিত হৈছিল। ভোটাৰ তালিকাত নাম নথকাৰ বাবে স্থানীয় লোকসকলৰ মাজত পুৱাৰে পৰা ক্ষোভৰ সৃষ্টি হৈছিল। সময় যোৱাৰ লগে লগে এই ক্ষোভে ভয়ংকৰ ৰূপ লয় আৰু ভোটাৰ তালিকাৰ কামত নিয়োজিত হৈ থকা ন্যায়িক বিষয়াসকলৰ ওপৰত একাংশ লোক আক্ৰমণাত্মক হৈ পৰে। পৰিস্থিতি ইমানেই বেয়া হয় যে প্ৰতিবাদকাৰীসকলে কালিয়াচক-২ বিডিঅ’ কাৰ্যালয়ৰ ভিতৰত সাতগৰাকী ন্যায়িক বিষয়ক আৱদ্ধ কৰি ৰাখে। এই আৱদ্ধ বিষয়াসকলৰ মাজত তিনিগৰাকী ন্যায়াধীশ আৰু এগৰাকী মহিলাও আছিল। বহু সময় ধৰি আৱদ্ধ হৈ থকাৰ পাছত অৱশেষত গভীৰ নিশা বিশাল আৰক্ষী বাহিনী গৈ তেওঁলোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰে।

এই ভয়ংকৰ কাণ্ডৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া আৰু ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হয়। পৰৱৰ্তী সময়ত এই গোচৰটো উচ্চতম ন্যায়ালয় পায়গৈ আৰু ন্যায়ালয়ে ইয়াৰ তদন্তৰ দায়িত্ব এন আই এক অৰ্পণ কৰে। ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ে ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান, মালদাৰ আৰক্ষী অধীক্ষক আৰু জিলা দণ্ডাধীশলৈ কাৰণ দৰ্শোৱাৰ জাননীও প্ৰেৰণ কৰে। এতিয়া উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত দুমাহৰ ভিতৰত এন আই এৰ এই তদন্তৰ পৰা কি প্ৰকৃত তথ্য পোহৰলৈ আহে সেয়া লক্ষ্যণীয় হ’ব।