NORTHEAST NOW (Assamese)
অসম

নাৰ্ছিঙত ৮০শতাংশ মহিলাৰ সংৰক্ষণৰ বিৰুদ্ধে এইমছত ‘পুৰুষ নাৰ্ছ ৰক্ষা’ অভিযান আৰম্ভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 28, 2020 5:36 pm
3862q9ccxmehtdopstimtg1hhto2mda769a53526155.png

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে শেহতীয়াভাৱে লোৱা এক  সিদ্ধান্তই নাৰ্ছিং বৃত্তিৰ সৈতে জড়িত যুৱকসকলক ক্ষুব্ধ কৰি তুলিছে।

অলপতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে সৰ্ব ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (AIIMS)ত নাৰ্ছিঙৰ বাবে ৮০ শতাংশ পদ মহিলাৰ বাবে সংৰক্ষণ কৰা হ’ব।

এই সিদ্ধান্তৰ পাছতে নাৰ্ছিং বৃত্তিত জড়িত যুৱকসকলে চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰি দিছে।

সম্প্ৰতি নাৰ্ছিং বৃত্তিৰ সৈতে জড়িত যুৱকসকলে টুইটাৰত চেভ মেল নাৰ্ছেছ হেছটেগ(#Save_male_nurses)ৰে এক অভিযান আৰম্ভ কৰিছে। গোটেই দেশজুৰি যুৱক সমাজৰ সমৰ্থন লাভ কৰিছে এই অভিযানে।

https://twitter.com/gmbrother_offic/status/1265878053797990401

বিৰোধিতা কৰা যুৱকসকলে স্বাস্থ্য মন্ত্ৰ্যালয়ৰ এইমছত নাৰ্ছিং পদত ৮০ শতাংশ মহিলা নাৰ্ছ পদত নিযুক্তিৰ সিদ্ধান্তই পুৰুষ নাৰ্ছিং কৰ্মীসকলৰ ভৱিষ্যতলৈ বিপদ মাতি আনিব বুলি দাবী কৰিছে।

তেওঁলোকে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰি নিযুক্তিৰ পুৰণি নিয়ম প্ৰৱৰ্তনৰো দাবী কৰে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ চেন্ট্ৰেল ইনষ্টিটিউট সংস্থাই (চিআইবি) ৰোগীৰ উন্নত সেৱাক এই সিদ্ধান্তৰ ভিত্তি হিচাপে দেখুৱাইছে।

টুইটাৰত ভাইৰেল হৈ পৰা চিআইবিৰ এক লেখাত কোৱা হৈছে যে ৰোগীৰ আৰাম তথা শুশ্ৰুষাৰ বাবে বিভিন্ন বিভাগ তথা বিশেষীকৃত ৱাৰ্ডত মহিলা নাৰ্ছিং ষ্টাফৰ অত্যন্ত প্ৰয়োজন।

সিদ্ধান্ত লোৱা হৈছে যে এতিয়াৰে পৰা ৮০ শতাংশ পদ মহিলা নাৰ্ছিং ষ্টাফৰ বাবে সংৰক্ষিত হ’ব আৰু বাকী ২০ শতাংশ পদত পুৰুষ নাৰ্ছক নিযুক্ত কৰা হ’ব।