NORTHEAST NOW (Assamese)
অসম

স্নেহ ! মাতৃহাৰা চাৰি বাঘৰ পোৱালিক মৰমেৰে আপদাল কৰিছে মতা বাঘটোৱে ,বিস্মিত প্ৰকৃতিপ্ৰেমী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 26, 2021 4:31 pm
tigggg

কেৱল মানুহৰ মাজতেই যে দয়া-মায়া, দায়বদ্ধতা আছে তেনে নহয়, বন্য জীৱৰ মাজতোএনে গুণৰ সমহাৰ দেখিবলৈ পোৱা যায়।

শেহতীয়াকৈ মাতৃহাৰা চাৰিটাকৈ বাঘৰ পোৱালিক সংকটৰ সময়ত এৰি নগৈ মাতৃৰ মৰমেৰে মতা বাঘটোৱে আপদাল কৰাৰ ঘটনাই আচৰিত কৰি তুলিছে প্ৰকৃতিপ্ৰেমীসকলক।

ঘটনাটো ঘটিছে মধ্যপ্ৰদেশত ।ৰাজ্য খনৰ পান্না সংৰক্ষিত ব্যাঘ্ৰ প্ৰকল্পত বিগত কেইমাহমান ধৰি মতা বাঘটোৱে মাতৃহাৰা চাৰিটা পোৱালিৰ যত্ন লৈ থকাৰ কথা পোহৰলৈ আহে বনবিভাগে অৰণ্য খনত স্থাপন কৰা বিশেষ কেমেৰাৰ পৰা।

বন বিভাগৰ কৰ্মীয়ে আনকি মতা বাঘটোৱে পোৱালি চাৰিটাৰ যত্ন লৈ থকাৰ দৃশ্যও প্ৰত্যক্ষ কৰে।

উল্লেখ্য যোৱা ১৫ মে’ত পোৱালি চাৰিটাৰ মাতৃ বাঘিনী জনীৰ মৃত্যু ঘটিছিল।

ইয়াৰ পিছতে পোৱালি কেইটাৰ আলাই-আথানি হ’বলৈ নিদি মতা বাঘটোৱেই পোৱালি কেইটাৰ দায়িত্ব গ্ৰহণ কৰে।

মতা বাঘটোৱে পোৱালি কেইটাৰ সৈতে ছাঁটোৰ দৰে লাগি থকাৰ উপৰি সিহঁতক খাদ্যও যোগান ধৰি আহিছে।

পান্না সংৰক্ষিত ব্যাঘ্ৰ প্ৰকল্পৰ সঞ্চালক ইউএছ শৰ্মাই প্ৰকাশ কৰা মতে মতা বাঘটোৱে সৰু সৰু জন্তু চিকাৰ কৰি আনি পোৱালি কেইটাক খাবলৈ দিয়ে।

মুঠৰ ওপৰত মতা বাঘটোৱে পোৱালি কেইটাক বাঘিনী জনী নোহোৱাৰ কথা এবাৰৰ বাবে হ’লেও উপলব্ধি কৰিবলৈ দিয়া নাই।

বন্য জন্তুৰ মাজতো থকা এনে দয়া পৰৱশতা আৰু দায়বদ্ধতাৰ কথাই এতিয়া সকলোকে আপ্লুত কৰি তোলা পৰিলক্ষিত হৈছে।

পান্না সংৰক্ষিত ব্যাঘ্ৰ প্ৰকল্পৰ বিষয়া-কৰ্মচাৰীসকলে আলেঙে-আলেঙে বাঘ পোৱালি কেইটাৰ ওপৰত চকু ৰাখি আহিছে।

লগতে বাঘ কেইটা থকা স্থানত স্থাপন কৰা হৈছে কেইবাটাও কেমেৰা।