মোডী দেশৰ শত্ৰু, ট্ৰাম্পৰ সৈতে বন্ধুত্বৰ মূল্য ভৰিছে ভাৰতে: বিস্ফোৰক খাৰ্গে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ট্ৰাম্পৰ বন্ধুত্বৰ বাবে ভাৰতৰ ক্ষতিৰ সন্মুখীন হৈছে। ইয়াৰ মূল্যও দিব লগা হৈছে দেশে। এয়া কংগ্ৰেছ সাংসদ মল্লিকাৰ্জুন খাৰ্গেৰ মন্তব্য। তেওঁৰ এই মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে। যদিও এয়া প্ৰথমবাৰৰ বাবে নহয়, কংগ্ৰেছকে ধৰি বিজেপি বিৰোধী দলসমূহে ইয়াৰ পূৰ্বেও বৈদেশিক নীতিৰ বিষয়ত মোডীক দোষাৰোপ কৰি আহিছে।
মোডী আৰু ট্ৰাম্পক কিয় বন্ধু বুলি কৈছে সেই কথাও বুজাই দিছে খাৰ্গেই । তেওঁৰ মতে, দুয়োজনে ইজনে সিজনৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাইছিল। সেই সময়ত মোডীয়ে ইয়াৰ পৰিণতি বা ফলাফলৰ বিষয়ে অৱগত নাছিল। কিন্তু এতিয়া তেওঁ বুজি পাইছে। ৰাজ্যসভাৰ বিৰোধী দলপতিগৰাকীৰ দাবী, এই দুই ৰাষ্ট্ৰ প্ৰধানৰ বাবে ভাৰত বহু ক্ষতিগ্ৰস্ত হৈছে।
তেওঁৰ ভাষাত ‘ট্ৰাম্প আৰু মোডী বন্ধু হ’ব পাৰে। কিন্তু মোদীয়ে নিজকে জাতিৰ শত্ৰুলৈ ৰূপান্তৰিত কৰিছে। তেওঁ দেশৰ ভাৰসাম্য ধ্বংস কৰি আছে।’ কাৰণ হিচাপে তেওঁ উল্লেখ কৰে যে, ‘ট্ৰাম্পে বৃহৎ পৰিমাণৰ শুল্ক আৰোপ কৰিছে। এই ৫০ শতাংশ শুল্কই আমাৰ দেশৰ জনসাধাৰণৰ ক্ষতি কৰিব।’
প্ৰধানমন্ত্ৰী মোডীক সমালোচনা কৰি খাৰ্গেই কয়, ‘আপুনি নিজৰ আদৰ্শত অটল থাকক। দেশৰ জনসাধাৰণক ৰক্ষা কৰক। দেশ সকলোৰে আগত। তেনে ক্ষেত্ৰত বন্ধুত্ব গৌণ।’ খাৰ্গেই মোদীক বৈদেশিক নীতিৰ ক্ষেত্ৰত ভাৰতৰ ধাৰাবাহিক অৱস্থানৰ কথাও সোঁৱৰাই দিয়ে।
শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে জি এছ টিৰ শ্লেবত পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছে। খাৰ্গেই দাবী কৰে যে কংগ্ৰেছে ৮ বছৰ ধৰি এই পৰিৱৰ্তনৰ কথা কৈ আহিছে। সেই সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰে গুৰুত্ব দিয়া নাছিল।
তেওঁৰ ভাষাত ‘আমি আঠ বছৰ আগতে এই বিষয়টো উত্থাপন কৰিছিলো। সেই সময়ত আমি কৈছিলো যে যদি দুটা শ্লেব থাকে তেন্তে দুখীয়া মানুহখিনি লাভৱান হ’ব। কিন্তু তাৰ পিছত চাৰি-পাঁচটা শ্লেব বনাই লুটপাত চলোৱা হ’ল। এতিয়া নিৰ্বাচনৰ পূৰ্বে ভোট বেংক অক্ষুন্ন কৰি ৰাখিবলৈ সংশোধনী কৰা হৈছে।’
ৰাষ্ট্ৰীয় স্বাৰ্থত বিৰোধী দল চৰকাৰৰ লগত থাকিলেও তেওঁলোকে মোডীক ক্ষমতাৰ অপব্যৱহাৰ কৰিবলৈ নিদিয়ে বুলিও দাবী কৰে খাৰ্গেই। তেওঁ কয়, ‘আমি সকলোৱে দেশৰ স্বাৰ্থত এক আৰু একত্ৰিত। তাত কোনো সন্দেহ নাই। কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে যি বিচাৰে তাকে কৰিলে বা নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিলে তাক আমি সমৰ্থন কৰিম।’