NORTHEAST NOW (Assamese)
অসম

মোক গ্ৰেপ্তাৰ কৰক, এই দাবী লৈ চিবিআইৰ কাৰ্যালয়ত উপস্থিত মমতা বেনাৰ্জী; কিন্তু কিয়?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 17, 2021 12:29 pm
mamata-banerjee

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী উপস্থিত হ’লগৈ চিববিআইৰ কাৰ্যালয়ত নিজাম পেলেচত। আজি ৰাতিপুৱাই ৰাজ্যখনৰ দুগৰাকী মন্ত্ৰী আৰু এগৰাকী বিধায়কক চিবিআইয়ে নাৰদ কাণ্ডৰ তদন্তৰ বাবে নিজাম পেলেচলৈ লৈ আনে।

জানিব পৰা মতে, চিবিআইয়ে আজি চাৰ্জশ্বীট দাখিল কৰিব। নিজাম পেলেচলৈ লৈ অনা হৈছে ফিৰহাদ হাকিম, সুব্ৰত মুখাৰ্জী, মদন মিত্ৰ আৰু শোভন চেটাৰ্জীক।

সোমবাৰে পুৱা ১০বাজি ৪৭ মিনিটত মমতা বেনাৰ্জীয়ে আহি নিজাম পেলেচত উপস্থিত হয়। মমতাই নিজাম পেলেচৰ ১৫নং মহলালৈ গৈ চিবিআইক এক প্ৰকাৰ প্ৰত্যাহ্বান জনাই কয় যে তেওঁকো গ্ৰেপ্তাৰ কৰিব লাগিব।

মুখ্যমন্ত্ৰীগৰাকীয়ে মন্ত্ৰী-বিধায়ককেইগৰাকীক বেআইনীভাৱে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ তোলে। মমতা বেনাৰ্জী চিবিআই কাৰ্যালয়ৰ ১৫নং মহলাতে থাকি কয় যে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে নাজানে। গোটেই কাণ্ডটো নজনোৱাকৈয়ে কৰা হৈছে। সেয়ে তেওঁ আকোঁৰগোজ হৈ ৰয় আৰু তেওঁক গ্ৰেপ্তাৰ নকৰিলে নিজাম পেলেচ ত্যাগ নকৰে বুলি জনাই দিয়ে।

মুখ্যমন্ত্ৰীগৰাকীয়ে নিজাম পেলেচলৈ আহি দলৰ নেতাসকলক বাৰ্তা দিলে যে তেওঁ তেওঁলোকৰ সৈতে আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে যিদৰে চিবিআইক প্ৰত্যাহ্বান জনাই চিবিআইৰ কাৰ্যালয়ত বহি আছে তাৰপৰা তেওঁ যে অত্যন্ত ক্ষুব্ধ হৈ পৰিছে সেয়া বুজিব পৰা যায়।

মমতা বেনাৰ্জীৰ ক্ষোভৰ প্ৰকৃত কাৰণ হৈছে যে মুখ্যমন্ত্ৰীগৰাকীক নজনোৱাকৈ বেআইনীভাৱে ফিৰহাদ হাকিম, সুব্ৰত মুখাৰ্জী, মদন মিত্ৰ আৰু শোভন চেটাৰ্জীক গ্ৰেপ্তাৰ কৰা হৈছে।

ইয়াৰ মাজতে মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে চিবিআইৰ শীৰ্ষ বিষয়াৰ সৈতে কথা পতা বুলি জানিব পৰা গৈছে।