NORTHEAST NOW (Assamese)
দেশ

মৰ্মান্তিক! ক্ৰিকেট খেলি থকাৰ সময়তে হাৰ্ট এটেকত মৃত্যু যুৱকৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 31, 2023 7:57 pm
Heart Attack While Playing Cricket

শেহতীয়া সময়ছোৱাত দেশত আচৰিত হাৰত বৃদ্ধি পাইছে হাৰ্ট এটেকত আক্ৰান্ত হৈ আকস্মিকতে মৃত্যু হোৱাৰ ঘটনা।

দৈনিক সংবাদ শিৰোনাম দখল কৰি আহিছে এনে ঘটনাৰ খবৰে। আজি মধ্য প্ৰদেশত সংঘটিত হৈছে এনে এক মৰ্মান্তিক ঘটনা।

ৰাজ্যখনৰ খাৰগোনে জিলাৰ এখন গাঁৱত আজি বিয়লি ক্ৰিকেট খেল খেলি থাকোঁতেই এজন ২২ বছৰীয়া যুৱকে হাৰ্ট এটেকত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱায়।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে, বলিং কৰাৰ সময়তে ইণ্ডাল সিং জাধৱ বঞ্জৰা নামৰ যুৱকজনে অস্বস্তি অনুভৱ কৰি বাগৰি পৰে।

তেওঁক লগে লগে স্থানীয় এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও পথতে তেওঁৰ মৃত্যু হয়।

মৰণোত্তৰ পৰীক্ষাত বঞ্জৰাৰ হাৰ্ট এটেকত মৃত্যু হোৱা বুলি নিশ্চিত হয় আৰু মৃতদেহটো পৰিয়ালৰ হাতত গতাই দিয়া হয়।