NORTHEAST NOW (Assamese)

চলন্ত বাছত যুৱতীৰ সন্মুখতে হস্তমৈথুন: কাৰামুক্ত অভিযুক্তক মালা পিন্ধাই আদৰণি পুৰুষ সন্থাৰ!

June 5, 2023 6:04 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 5, 2023 6:06 pm

চলন্ত বাছত দুগৰাকী যুৱতীৰ সন্মুখতে পেণ্টৰ চেইন খুলি যৌনাংগ ওলিয়াই হস্তমৈথুনত লিপ্ত হৈছিল এক যুৱক। এই সমস্ত ঘটনা মোবাইলত ৰেকৰ্ডিং কৰি সামাজিক মাধ্যমত ভাইৰেল কৰিছিল নন্দিতা শংকৰ নামৰ এগৰাকী যুৱতীয়ে।

ভিডিঅ’টো ভাইৰেল কৰাৰ পাছতে সামাজিক মাধ্যমত অভিযুক্ত যুৱকজন সমালোচিত হোৱাৰ বিপৰীতে ট্ৰল কৰা হয় নন্দিতা শংকৰ নামৰ যুৱতীগৰাকীক।

ঘটনাটো যোৱা ১৮ মে’ত কোচিত সংঘটিত হৈছিল। ঘটনাৰ সন্দৰ্ভত যুৱতী নন্দিতাই আৰক্ষী থানাত অভিযোগ দাখিল কৰে। উক্ত অভিযোগৰ ভিত্তিতে অভিযুক্ত শাভাদ শ্বাহ নামৰ যুৱকগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

তিনি সপ্তাহৰ পাছত অভিযুক্ত যুৱক শ্বাহে জামিন লাভ কৰে। শনিবাৰে জামিনত মুকলি হৈ অহাৰ পাছতে ‘অল কেৰালা পুৰুষ সন্থা’ই অভিযুক্তক জে’লৰ বাহিৰত ফুলৰ মালা পিন্ধাই আদৰণি জনায়।

“আপুনি হতাশ নহ’ব, আপোনাৰ কাষত আমি আছো। আপুনি কোনো অন্যায় কৰা নাই।” সংগঠনটোৱে অভিযুক্তক আশ্বাস দি এইদৰে কয়।

ইফালে কাৰাগাৰৰ পৰা মুকলি হোৱাৰ সময়ত অভিযুক্ত যুৱকজনক ফুলৰ মালাৰে আদৰণি জনোৱাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে হতাশ হৈ পৰিছে ভুক্তভোগী যুৱতীগৰাকী।    

“যিদৰে আদৰণি জনোৱা হৈছে, শাভাদক মিমৰ কাৰ্টুন যেন লাগিছে। আচলতে এটা শ্ৰেণীৰ মানুহে যৌন অপৰাধীক মূৰত ধৰি ৰাখে। তেওঁলোকেই ধৰ্ষণত অভিযুক্তক জামিন পালেও মালাৰে আদৰণি জনায়।” নন্দিতাই কয়।

Related News