NORTHEAST NOW (Assamese)
Popular Stories

অতি নৃশংস! : নৈশভোজৰ টেবুলত মাতৃক গুলীয়াই হত্যা কৰি ভগ্নীৰ সৈতে নৃত্য কৰিলে এক যুৱকে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 28, 2020 4:00 pm
index.jpg

অতি বৰ্বৰ তথা নৃশংস এক কাণ্ডৰ বাতৰিয়ে আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে।

ঘটনাটো সংঘটিত হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰত।

ঘটনাৰ বিৱৰণীৰ মতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্ৰিংভিলে অঞ্চলৰ ২৩ বছৰীয়া মাইক লোপেজ নামৰ এগৰাকী যুৱকে নৈশভোজৰ টেবুলতে নিজ মাতৃক গুলীয়াই হত্যা কৰে।

মাতৃক হত্যা কৰাৰ পিছত যুৱকজনে ১৪ বছৰীয়া কিশোৰী ভগ্নীৰ সৈতে নৃত্য কৰা বুলিও প্ৰকাশ পাইছে।

ইফালে এই সমস্ত ঘটনা আৰক্ষীৰ আগত বৰ্ণনা কৰিছে উক্ত ঘটনাৰ সময়ত উপস্থিত থকা অভিযুক্ত যুৱকজনৰ ১৭ বছৰীয়া অন্য এগৰাকী ভগ্নীয়ে।

১৭ বছৰীয়া কিশোৰীগৰাকীয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰা অনুসৰি অভিযুক্ত যুৱকজনে ৪৩ বছৰীয়া মাতৃ ভেক্টোৰিয়া ৰামিৰেজ আৰু কিশোৰী ভগ্নীৰ সৈতে নৈশভোজ কৰি আছিল।

ভোজন টেবুলতে কণিষ্ঠ ভগ্নী আৰু মাতৃৰ সৈতে কথা কটাকটি হয় আৰু জ্যেষ্ঠ ভাতৃয়ে হঠাতে মাতৃক গুলীয়াই হত্যা কৰে।

মাতৃক হত্যা কৰাৰ পিছত ভাতৃ-ভগ্নী দুয়োৱে নৃত্য কৰিবলৈ ধৰে বুলি প্ৰকাশ কৰিছে মৃত মহিলাগৰাকীৰ ১৭ বছৰীয়া কন্যাই।

সন্ত্ৰস্ত ১৭ বছৰীয়া কিশোৰী গৰাকীয়ে বাৰ্থৰুমৰ পৰা জ্যেষ্ঠ ভগ্নীলৈ ফোন কৰে আৰু জ্যেষ্ঠ ভগ্নীয়ে লগে লগে আৰক্ষীক ঘটনাৰ সন্দৰ্ভত খবৰ দিয়ে।

ভাতৃ আৰু কণিষ্ঠ ভগ্নীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ পিছতে আৰক্ষী অভিযুক্ত যুৱকজনৰ লগতে কিশোৰীগৰাকীকো গ্ৰেপ্তাৰ কৰিছে।

১৭ বছৰীয়া কিশোৰীগৰাকীৰ মতে অভিযুক্ত ভাতৃ আৰু কণিষ্ঠ ভগ্নী দুয়ো মাদক দ্ৰৱ্যৰ সৰবৰাহৰ লগত জড়িত থকাৰ উপৰি মাদক দ্ৰৱ্য সেৱনো কৰে।