NORTHEAST NOW (Assamese)

চোৰৰ পৰা ৰক্ষা নপৰিল প্ৰাক্তন মুখ্যমন্ত্ৰীও: ৰে’লত ভ্ৰমণৰ সময়তে চোৰে সৰকালে মোবাইল

October 10, 2022 9:37 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰে’লত যাত্ৰাৰ সময়ত ভ্ৰমণৰত যাত্ৰী চোৰৰ লুটপাতৰ বলি হোৱাটো তেনেই সাধাৰণ ঘটনা। অত্যন্ত সাৱধান নহ’লে যিকোনো মুহূৰ্ততে চোৰে লুটি নিব পাৰে যাত্ৰীৰ সম্পদ। পিছে এই নূন্যতম সতৰ্ক নোহোৱাৰ বাবেই ৰে’লত ভ্ৰমণৰ সময়তে চোৰৰ চিকাৰ হৈছে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সুশীল কুমাৰ সিন্দে।

গত ৬ অক্টোবৰত জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰ সিন্দেই ট্ৰেইনযোগে মুম্বাইলৈ যাত্ৰা কৰিছিল। কিন্তু সিন্দেই ফোনটো নিজৰ চিটত থৈ টয়লেটলৈ যোৱাৰ সময়তে তেওঁৰ ফোনটো চুৰি হয়।

ইয়াৰ পাছতে তাৎক্ষণিক অনুসন্ধান চলাই আৰক্ষীয়ে মোবাইল চুৰিৰ অভিযোগত এগৰাকী লোকক আটক কৰে। ধৃত ব্যক্তিগৰাকীক মান্দাৰ প্ৰমোদ গৌৰৱ বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে অভিযুক্ত মান্দাৰ সিন্দেৰ সমষ্টি ছোলাপুৰৰে বাসিন্দা। ঘটনাৰ দিনা মান্দাৰে সিন্দেৰ সৈতে একেটা ডবাতে ভ্ৰমণ কৰিছিল আৰু সিন্দে টয়লেটলৈ যোৱাৰ সুযোগ বুজি ফোনটো চুৰি কৰিছিল।

ৰে’লৱে পুলিছে আটক কৰাৰ পিছত অভিযুক্ত মান্দাৰক আদালতত হাজিৰ কৰোৱা হয়। আদালতে প্ৰথমে মান্দাৰক এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল যদিও পুনৰ আদালতত হাজিৰ কৰোৱাৰ পিছত ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

Related News